বদৰপুৰ,14 চেপ্তেম্বৰঃকৰিমগঞ্জ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মতিউৰ ৰহমানৰ অপহৰণকাণ্ডত বিশেষ সফলতা লাভ কৰিছে আৰক্ষীয়ে ৷ শনিবাৰে কৰিমগঞ্জ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি চুলেমান লস্কৰ নামৰ অপহৰণকাৰীটোৰ সৈতে অপহৰণকাণ্ডত ব্যৱহৃত এখন এল্টো গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷ হাইলাকান্দি জিলাৰ বুয়ালীপাৰৰ পৰা হাইলাকান্দি আৰক্ষীৰ সহযোগত বদৰপুৰ আৰক্ষীয়ে গাড়ীসহ অপহৰণকাৰীটোক আটক কৰি বদৰপুৰলৈ লৈ আনে ৷
মতিউৰ ৰহমানৰ অপহৰণকাণ্ডত জড়িত এজনক আটক
কৰিমগঞ্জ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মতিউৰ ৰহমানৰ অপহৰণকাণ্ডত ব্যৱহৃত বাহনখনৰ সৈতে এগৰাকী অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ বিশেষ সূত্ৰৰ পম খেদি কৰিমগঞ্জ আৰক্ষীয়ে হাইলাকান্দি জিলাৰ বুয়ালীপাৰৰ পৰা গাড়ীসহ অপহৰণকাৰী চুলেমান লস্কৰক গ্ৰেপ্তাৰ কৰে ৷
মতিউৰ ৰহমানৰ অপহৰণকাণ্ডত জড়িত এজনক আটক
উল্লেখ্য যে, বিশেষ কায়দাৰে কিছুদিন আগত অপহৰণ হৈছিল কৰিমগঞ্জ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মতিউৰ ৰহমান ৷ কিন্তু পৰৱৰ্তী সময়ত অপহৰণকাৰীৰ কবলৰ পৰা পলাই আহিবলৈ সক্ষম হৈছিল প্ৰাক্তন অধ্যক্ষগৰাকী ৷ ইতিমধ্যে আৰক্ষীয়ে ধৃত অপহৰণকাৰীজনক তিনিদিনৰ ন্যায়িক জিম্মাত লৈছে বুলি প্ৰকাশ কৰে আৰক্ষী বিষয়া জে কে বৰাই ৷