কৰিমগঞ্জ, 8 মে': প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদক হোম কোৱাৰেণ্টাইনত ৰাখিলে কৰিমগঞ্জ প্ৰশাসনে ৷ জানিব পৰা মতে, প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে কৰিমগঞ্জৰ কচুৱাধামস্থিত কোৱাৰেন্টাইন কেন্দ্ৰত থকা জামাতী সকলক সাক্ষাৎ কৰিবলৈ গৈছিল ৷ তেওঁৰ লগত আন কেইবাগৰাকীও লোক গৈছিল সেই কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৷
হোম কোৱাৰেণ্টাইনত প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ - প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ
কৰিমগঞ্জৰ কচুৱাধামস্থিত কোৱাৰেন্টাইন কেন্দ্ৰত থকা জামাতী সকলক লগ কৰিবলৈ যোৱা বাবে কৰিমগঞ্জ প্ৰশাসনে হোম কোৱাৰেণ্টাইনত ৰাখিলে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদক ৷
![হোম কোৱাৰেণ্টাইনত প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ ex minister siddik ahmed in home quarantine](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7108010-thumbnail-3x2-kk.jpg)
ex minister siddik ahmed in home quarantine
হোম কোৱাৰেণ্টাইনত প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ
প্ৰাক্তন মন্ত্ৰী গৰাকীৰ লগত যোৱা লোকসকলকো কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ৷ উল্লেখ্য যে, বিগত সপ্তাহত কৰিমগঞ্জৰ কচুৱাধামস্থিত কোৱাৰেন্টাইন কেন্দ্ৰত জামাতৰ পৰা উভতি অহা এগৰাকী লোকৰ দেহত ধৰা পৰিছিল COVID-19ৰ অৱস্থিতি ৷