অসম

assam

By

Published : Dec 13, 2020, 2:59 PM IST

ETV Bharat / state

কৰিমগঞ্জত বিজেপিত যোগদান যুৱ কংগ্ৰেছৰ প্ৰাক্তন নেতাৰ

কৰিমগঞ্জত কংগ্ৰেছ ত্যাগ কৰি বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিলে যুৱ কংগ্রেছৰ প্ৰাক্তন সভাপতি ৰাজশেখৰ দত্তৰ লগতে প্রায় শতাধিক যুৱকে ।

গেৰুৱা বসন পৰিধান
গেৰুৱা বসন পৰিধান

কৰিমগঞ্জ, ১৩ ডিচেম্বৰ : ৰাজ্যত ৰাজনৈতিক দলৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ বিধানসভা নিৰ্বাচনক লৈ জিলাই জিলাই দলৰ স্থিতি শক্তিশালী কৰাত উঠি-পৰি লাগিছে নেতা-কৰ্মী । এফালে যদি শাসকীয় দলৰ ন-ন আঁচনি ঘোষণা, আধাৰশিলা স্থাপনেৰে নিৰ্বাচনী চমক, আনফালে আকৌ একাংশ নেতা-পালিনেতাৰ মাজত আৰম্ভ হৈছে দল সলোৱা ৰাজনীতি ৷

কৰিমগঞ্জ জিলা বিজেপিৰ কার্যালয়ত বিজেপিত যোগদান কৰে জিলা যুৱ কংগ্রেছৰ প্রাক্তন সভাপতি ৰাজশেখৰ দত্তৰ লগতে শতাধিক যুৱকে । বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত গেৰুৱা বসন পৰিধান কৰি সদস্য পদ গ্ৰহণ কৰে ন-বিজেপি কৰ্মীসকলে । কার্যসূচীত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ উপ-সভাপতি বিশ্বৰূপ ভট্টাচার্য আৰু উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী মিছন ৰঞ্জন দাস ।

লগতে পঢ়ক:১৪ ডিচেম্বৰৰ পৰা ৰাজ্যত চলিব স্থানীয় যাত্ৰীবাহী ৰে'ল

ABOUT THE AUTHOR

...view details