কৰিমগঞ্জ,29 মে’: কঠোৰ হৈছে বন বিভাগ ৷ এইবাৰ কৰিমগঞ্জৰ লংকাই সংৰক্ষিত বনাঞ্চলত চলিছে বন বিভাগৰ উচ্ছেদ অভিযান ৷ সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে বন বিভাগ তথা প্ৰশাসন ৷ শনিবাৰে কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰী উচ্ছেদ কৰে লংকাই সংৰক্ষিত বনাঞ্চলৰ বন বিষয়া সকলে ৷
লংকাই সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ হাতোৰা - লংকাই সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ হাতুৰা
কৰিমগঞ্জৰ লংকাই সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ অভিযান ৷ শনিবাৰে কেইবাটাও বেদখলকাৰীৰ পৰিয়ালক উচ্ছেদ কৰে লংকাই সংৰক্ষিত বনাঞ্চলৰ বন বিষয়া সকলে ৷
লংকাই সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ হাতুৰা
উল্লেখ্য যে, ৰাইজ তথা সংৰক্ষিত বনাঞ্চলত কেৱল অবৈধ ভাৱে বসবাস কৰাই নহয়, ভূমি দখল কৰি পুখুৰী খন্দাও পৰিলক্ষিত হৈছে ৷ ইফালে বন বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে অবৈধ বেদখলকাৰী সকলে ৷ তেওঁলোকৰ অভিযোগ অনুসৰি, বন বিভাগে বছৰত 20 হেজাৰ টকা লৈ সংৰক্ষিত বনাঞ্চলত সংস্থাপন দিছে ৷ হঠাৎ বন বিভাগে চলোৱা অভিযানত দিশহাৰা হৈ পৰিছে উচ্ছেদিত লোকসকল ৷