কৰিমগঞ্জ, 9 এপ্ৰিলঃ কৰিমগঞ্জৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ তিনঘৰি, ছনআলা, বাসাবাৰীৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথটি তিনি বছৰেও নিৰ্মাণ সম্পূৰ্ণ নোহোৱাত, ভোট বৰ্জনৰ সিদ্ধান্ত লয় ৰাইজে ৷ অৱশেষত গড়কাপ্তানি বিভাগে পুনৰ আৰম্ভ কৰিলে পথটো নিৰ্মাণৰ কাম ৷
ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্তত শিৰনত গড়কাপ্তানি বিভাগ - ভোট বৰ্জন
স্থানীয় বিধায়ক কৃপানাথ মাল্লাহ আৰু কৰিমগঞ্জ সমষ্টিৰ সাংসদ ৰাধেশ্যাম বিশ্বাসৰ ওচৰত বাৰে বাৰে আবেদন নিবেদন কৰিছিল যদিও কোনো ফল নোপোৱাত ক্ষুব্ধ হৈ অৱশেষত ভুক্তভোগী ৰাইজে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে

উল্লেখ্য যে, তিনিবছৰ পূৰ্বে PMGSYৰ অধীনত 4.87 কোটি টকা মূল্যৰে আৰম্ভ কৰা পথটো নিৰ্মাণৰ ক্ষেত্ৰত গড়কাপ্তানি বিভাগে কোনো গুৰুত্ব দিয়া নাছিল । স্থানীয় ৰাইজে বছৰৰ পিছত বছৰ ধৰি যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগি আহিছিল আৰু পথটো নিৰ্মাণৰ দাবীত স্থানীয় বিধায়ক কৃপানাথ মাল্লাহ আৰু কৰিমগঞ্জ সমষ্টিৰ সাংসদ ৰাধেশ্যাম বিশ্বাসৰ ওচৰত বাৰে বাৰে আবেদন নিবেদন কৰিছিল যদিও কোনো ফল নোপোৱাত ক্ষুব্ধ হৈ অৱশেষত ভুক্তভোগী ৰাইজে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেই বাতৰি আমি সম্প্ৰচাৰ হোৱাৰ পিছত অৱশেষত গা লৰিছিল বিভাগীয় কতৃপক্ষৰ । অৱশেষত মঙলবাৰে গড়কাপ্তানি বিভাগৰ বিষয়ববীয়াৰ উপস্থিতিত পুনৰ পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে ৷