অসম

assam

By

Published : Mar 5, 2020, 11:59 AM IST

ETV Bharat / state

বাঁহৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি স্বাৱলম্বীতাৰ পথ দেখুৱাইছে বদৰপুৰৰ আছাদ উদ্দীনে

বৰাক নৈৰ পাৰত এখন ব্যৱসায়িক প্ৰতিষ্ঠানেৰে নিজৰ একান্ত প্ৰচেষ্টাৰে স্বাৱলম্বীতাৰ পথ দেখুৱাইছে কৰিমগঞ্জ জিলাৰ বদৰপুৰ সমষ্টিৰ আছাদ উদ্দীন নামৰ লোকজনে ৷ বহুবাৰ তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন বৰাক নৈৰ গড়াখহনীয়াত পৰিছে যদিও, পুনৰ কষ্টেৰে নিৰ্মাণ কৰিছে সেই প্ৰতিষ্ঠানখন ৷

বদৰপুৰৰ আছাদ উদ্দীন
বদৰপুৰৰ আছাদ উদ্দীন

বদৰপুৰ, 5 মাৰ্চঃচৰকাৰী সাহাৰ্য অবিহনে স্বাৱলম্বীতাৰ এক নিদৰ্শন দাঙি ধৰিছে কৰিমগঞ্জ জিলাৰ বদৰপুৰ সমষ্টিৰ এজন লোকে ৷ জীৱন যুঁজত হাৰ নমনা এই ব্যক্তিগৰাকীৰ নাম আছাদ উদ্দীন ৷বৰাক নৈৰ পাৰত আছে তেওঁৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷ বাঁহৰে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী গুৱাহাটীৰ লগতে কলিকতা আদি কেইবাখনো বহিঃ ৰাজ্যলৈ যায় আচাদৰ বিভিন্ন সামগ্ৰী ৷ আচাদে জনোৱা মতে বহুবাৰ তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন বৰাক নৈৰ গড়াখহনীয়াত পৰিছে যদিও তেওঁ বহু কষ্টেৰে পুনৰ নিৰ্মাণ কৰিছে সেই প্ৰতিষ্ঠানখন ৷ বৰ্তমান তেওঁৰ অধীনত কাম কৰি আছে কেইবাগৰাকীও লোকে ৷

বাঁহৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি স্বাৱলম্বীতাৰ পথ দেখুৱাইছে বদৰপুৰৰ আছাদ উদ্দীনে

ABOUT THE AUTHOR

...view details