অসম

assam

ETV Bharat / state

ভয়ংকৰ ৰূপ ধাৰণৰ দিশে লংগাই নৈৰ খহনীয়া - জলসম্পদ বিভাগ

কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ বাজাৰিছড়াত অব্যাহত লংগাই নৈৰ ভয়ংকৰ গৰাখহনীয়া ৷ ফলত যিকোনো সময়তে নিশ্চিহ্ন হ’ব পাৰে লোৱাইৰপোৱা কানমুন পথৰ বৃহৎ অংশ ৷ উক্ত অংশটো নৈৰ বুকুত জাহ গ’লে ব্যাহত হৈ পৰিব জিলাখনৰ লগত থকা মিজোৰামৰ যোগাযোগ ৷

Erosion of longai river karimganj assam etv bharat news
লংগাই নৈৰ খহনীয়া

By

Published : Jun 29, 2020, 1:07 PM IST

কৰিমগঞ্জ,29 জুন:কৰিমগঞ্জত লংগাই নৈৰ গৰাখহনীয়াই ক্ৰমাৎ তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত বাজাৰিছড়াৰ কালাছড়া এলেকাত নৈখনৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত জনজীৱনৰ প্ৰতি স্বাভাৱিকতে প্ৰত্যাহ্বান সৃষ্টি হৈছে ৷ ইয়াৰ লগতে লোৱাইৰপোৱাৰ পৰা কানমুনলৈকে যোৱা পকী পথটোৰ এচোৱা যিকোনো সময়তে বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ আশংকা কৰা হৈছে ৷ বানে উক্ত অংশ উটুৱাই নিলে ব্যাহত হৈ পৰিব জিলাখনৰে মিজোৰামৰ লগত থকা সংযোগ ৷

লংগাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ ধাৰণ

ইতিমধ্যে উক্ত স্থানৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে পাঁচ লাখটকীয়া এক আঁচনি গ্ৰহণ কৰিছিল যদিও কাৰ্যত সেয়া সম্পূৰ্ণ হৈ নুঠিল ৷ পকী বান্ধৰ বিপৰীতে মাত্ৰ বাঁহ আৰু বস্তাৰে ভেটি বান্ধি দায়িত্ব সামৰে বিভাগে ৷ ফলত বাৰিষাৰ প্ৰথমটো বানে উটুৱাই লৈ যায় বান্ধটো ৷ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত এই সমস্যাৰ স্থায়ী সমাধান বিচাৰি বাৰে বাৰে আহ্বান জনোৱাৰ পিছতো কোনো সদুত্তৰ লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে চাওকঃদৰঙৰ ১২৬ খন গাঁও বানৰ কবলত

ABOUT THE AUTHOR

...view details