অসম

assam

ETV Bharat / state

লংগাই নৈৰ খহনীয়াৰ কবলত কৰিমগঞ্জৰ বৃহত্তৰ অঞ্চল - Errigation Department karimganj

উত্তৰ কৰিমগঞ্জ সমষ্টিৰ গান্ধাইৰপাৰ গাঁৱত অব্যাহত লংগাই নৈৰ ভয়ংকৰ গৰাখহনীয়া ৷ নিশ্চিহ্ন হোৱাৰ পথত জিলাখনৰ কেইবাখনো গাঁও ৷ সম্প্ৰতি কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন জন প্ৰতিনিধিকে ধৰি ৰাজ্যৰ জলসম্পদ বিভাগ ৷

Erosion of langai river karimganj assam etv bharat news
কৰিমগঞ্জৰ বৃহত্তৰ অঞ্চলত খহনীয়া

By

Published : Jul 22, 2020, 1:20 PM IST

কৰিমগঞ্জ,22 জুলাই:কৰিমগঞ্জ জিলাত অব্যাহত আছে লংগাই নৈৰ ভয়ংকৰ খহনীয়া ৷ জিলাখনৰ কেইবাটাও অঞ্চলত ইতিমধ্য়ে নৈখনে ভয়ংকৰ ৰূপ ধাৰণ কৰি জন-জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত গান্ধাই পঞ্চায়তৰ গান্ধাইৰপাৰ গাঁৱতো লংগাই নৈৰ গৰাখহনীয়াই সম্প্ৰতি কালৰূপ ধাৰণ কৰিছে ৷ গাঁৱখনৰ এটি পথৰ প্ৰায় 50 মিটাৰ অংশ ইতিমধ্যে খহনীয়াত জাহ যোৱাৰ উপক্ৰম হোৱাত যাতায়াত ব্যাহত হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে ৷ পৰৱৰ্তী সময়ত নৈখনৰ জলস্তৰ বৃদ্ধি হ’লে বাঢ়নী পানীয়ে সম্পূৰ্ণৰূপে উটুৱাই লৈ যাব পথটি ৷

কৰিমগঞ্জৰ বৃহত্তৰ অঞ্চলত খহনীয়া

উক্ত গাঁৱখনত ক্ৰমাৎ বৃদ্ধি হোৱা খহনীয়াৰ ফলত বাহিৰৰ পৰা গাঁৱখনলৈ প্ৰৱেশ কৰিব নোৱাৰে কোনোধৰণৰ এম্বুলেঞ্চ নাইবা ৰোগী কঢ়িওৱা বাহন ৷ ফলত চৰম বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে স্থানীয় ৰাইজ ৷ ৰাইজৰ এই সমস্যা সম্পৰ্কে বাৰে-বাৰে জলসম্পদ বিভাগক অৱগত কৰি মথাউৰি নিৰ্মাণ কৰি দিবলৈ অনুৰোধ জনোৱা হৈছিল যদিও এইক্ষেত্ৰত বিভাগটোৱে আৰোপ কৰা নাই কোনো গুৰুত্ব ৷ খৰালি শুই থকা ৰাজ্য়ৰ জলসম্পদ বিভাগটোৰ অকৰ্মণ্যতাৰ ফলতে বাৰিষাৰ সময়ছোৱাত দুৰ্ভোগ ভূগিবলগীয়া হৈছে ৰাইজে ৷ জিলাখনত বৰ্তমানলৈকে পূৰ্বৰ তুলনাত এইবেলি বানে সংহাৰী ৰূপ ধাৰণ কৰা নাই যদিও খহনীয়াৰ ভয়ংকৰ ৰূপ ধাৰণৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনলৈ যিকোনো মুহুৰ্ততে বিপদ নামি আহিব পাৰে বুলি আশংকা কৰা হৈছে ৷

লগতে চাওকঃতালিবান সন্ত্ৰাসবাদীক হত্যা কৰি নিজ পিতৃ-মাতৃৰ হত্যাৰ প্ৰতিশোধ ল'লে কিশোৰীয়ে

ABOUT THE AUTHOR

...view details