কৰিমগঞ্জ, 22 ডিচেম্বৰ:বিজেপিত যোগদান কৰাটোৱেই কাল হ'ল উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিসকুট গাঁৱৰ এঘাৰটাকৈ পৰিয়ালৰ । গাঁৱৰ আন একাংশই একপ্ৰকাৰে এওঁলোকৰ বিৰুদ্ধে জাৰি কৰিলে কেবাটাও ফটোৱা । সমাজৰ পৰা বহিষ্কাৰ কৰা হ’ল এঘৰটাকৈ পৰিয়ালক(11 family Expelled for join BJP) । গাঁৱৰ স্কুল আনকি মছজিদৰ পৰাও বহিষ্কাৰ কৰা হ'ল আব্দুৰ ৰহিম, মতিউৰ ৰহমান, সোনাহৰ আলিসহ মুঠ এঘাৰটাকৈ পৰিয়ালক । বিজেপি যোগদানৰ পিছৰে পৰাই তেওঁলোকক বিভিন্ন পন্থাৰে হাৰাশাস্তি কৰি অহা হৈছে বুলি পৰিয়ালকেইটাই অভিযোগ উত্থাপন কৰিছে ।
আনকি বুধবাৰে এই গাঁওখনত সংঘটিত হৈ গ’ল এক অমানবীয় ঘটনা । ফটোৱাৰ সম্মুখীন হোৱা এঘাৰটাকৈ পৰিয়ালৰ লোকৰ অভিযোগ মতে, গাঁৱৰ আব্দুল মুতলিব আৰু ৰকিব আলিৰ নেতৃত্বত প্ৰায় দুই শতাধিক লোকে আব্দুৰ ৰহিম আৰু আব্দুৰ ৰজ্জাকৰ পৰিয়ালৰ ওপৰত আক্ৰমণৰ চেষ্টা চলায় । আনকি আব্দুৰ ৰহিমৰ ঘৰত দুই অভিযুক্তৰ নেতৃত্বত অগ্নিসংযোগ কৰা হয় যদিও কথমপি অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে বাসগৃহটোৰ লগতে পৰিয়ালৰ লোক ।