কৰিমগঞ্জ, 19 আগষ্টঃ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত 24 ঘণ্টা বিদ্যুৎ যোগান দিয়াৰ প্ৰতিশ্ৰুতি দি দিছপুৰৰ গাদী দখল কৰাৰ পাচত চৰকাৰখনে দিয়া বিদ্যুৎ যোগানৰ উক্ত প্ৰতিশ্ৰুতি অসাৰ হৈছে কৰিমগঞ্জ জিলাত ৷ জিলাখনত অনিয়মীয়া বিদ্যুৎ যোগানৰ লগতে ৰাইজৰ পৰা অতিৰিক্ত বিদ্যুতৰ মাছুল সংগ্ৰহ কৰি থকাৰো অভিযোগ উত্থাপন হৈছে ৷ মাত্ৰ এটা বা দুটা বৈদ্যুতিক লাইট জ্বলোৱা একাংশ গ্ৰাহকৰ নামত তিনি-চাৰি হাজাৰ টকাৰ বিদ্যুতৰ বিল পঠিয়াই দিয়াৰো অভিযোগ উত্থাপন হৈছে নিলামবজাৰ বিদ্যুত পৰিষদৰ কার্যালয়ৰ বিৰুদ্ধে ৷
ৰাজ্যত 24 ঘণ্টা বিদ্যুৎ যোগান দিয়াৰ প্ৰতিশ্ৰুতি অসাৰ - তিনি-চাৰি হাজাৰ টকাৰ বিদ্যুতৰ বিল
চৰকাৰখনে ৰাজ্যত 24 ঘণ্টা বিদ্যুৎ যোগান দিয়াৰ প্ৰতিশ্ৰুতি অসাৰ হৈছে কৰিমগঞ্জ জিলাত ৷ জিলাখনত অনিয়মীয়া বিদ্যুৎ যোগান ৷
![ৰাজ্যত 24 ঘণ্টা বিদ্যুৎ যোগান দিয়াৰ প্ৰতিশ্ৰুতি অসাৰ electricity office locked by public in Karimganj](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8471780-1090-8471780-1597802630251.jpg)
ৰাজ্যত 24 ঘণ্টা বিদ্যুৎ যোগান দিয়াৰ প্ৰতিশ্ৰুতি অসাৰ
ৰাজ্যত 24 ঘণ্টা বিদ্যুৎ যোগান দিয়াৰ প্ৰতিশ্ৰুতি অসাৰ
যাৰ ফলত এতিয়া অতিৰিক্ত বিদ্যুতৰ মাছুল পৰিশোধ আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ ফলত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে গ্ৰাহকসকল ৷ মঙলবাৰে দক্ষিণ কৰিমগঞ্জ যুব কংগ্রেছৰ সভাপতি মছৰুল হকৰ নেতৃত্বত ক্ষুদ্ধ যুৱ কংগ্রেছৰ সদস্যসকলে নিলামবজাৰ বিদ্যুৎ পৰিষদৰ কার্যালয়ৰ কৰ্মীসকলক বাহিৰত ৰাখি তলা লগাই দিয়ে ৷ অতিশীঘ্ৰে বিদ্যুৎ ব্যৱস্থা নিয়মীয়া কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে কংগ্ৰেছে ৷
লগতে পঢ়কঃভাঙি পেলোৱা হ'ল হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ খাৰঘূলীস্থিত বাসগৃহ