কৰিমগঞ্জ, ১৩ এপ্ৰিল: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো চাৰি দিন বাকী । কিন্তু বৰ্তমানলৈকে কৰিমগঞ্জত চৰকাৰী বিজ্ঞাপনৰ হোৰ্ডিং লাগি থকাৰ ফলত নিৰ্বাচনী বিধি আইন উলংঘা হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । উত্তৰ কৰিমগঞ্জৰ পৰা আৰম্ভ কৰি দক্ষিণ কৰিমগঞ্জ সমষ্টিলৈকে জিলাখনৰ বিভিন্ন ঠাইত উন্নয়নৰ আধাৰশিলা সমূহ ঢাকিবৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কৰিমগঞ্জ জিলা প্ৰশাসনে ।
কৰিমগঞ্জত নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ - ETV BHARAT
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪ টা দিন বাকী থকাৰ সময়তে কৰিমগঞ্জত নিৰ্বাচনী বিধি উলংঘা হোৱাৰ ব্যাপক অভিযোগ উত্থাপন হৈছে । জিলাখনৰ বিভিন্ন স্থানত চৰকাৰী বিজ্ঞাপনৰ হোৰ্ডিং এতিয়ালৈকে আঁতৰোৱা নাই জিলা প্ৰশাসনে ।
![কৰিমগঞ্জত নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2993967-thumbnail-3x2-election-jpg.jpg)
ELECTION VIOLATION AT KARIMGANJ
ELECTION VIOLATION AT KARIMGANJ
কৰিমগঞ্জ অসামৰিক চিকিৎসালয়তো এতিয়ালৈকে চৰকাৰী আঁচনিৰ হোৰ্ডিং সমূহ লগাই ৰখা হৈছে । নিৰ্বাচনী বিধি উলংঘা হোৱাৰ কথা নিজমুখে স্বীকাৰ কৰে কৰিমগঞ্জৰ নিৰ্বাচনী পৰ্য্যবেক্ষক অভিনৱ চন্দ্ৰায়ে । এতিয়ালৈকে কৰিমগঞ্জত মুঠ ২২৭ টাকৈ নিৰ্বাচনী আচৰন বিধি উলংঘা হোৱাৰ তথ্য আছে বুলি জনোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে ।