কৰিমগঞ্জ, 21 এপ্ৰিলঃ নিৰ্বাচন আয়োগে প্ৰত্যাহাৰ কৰিলে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদৰ নিৰাপত্তাৰক্ষী ৷ কৰিমগঞ্জৰ ভোটকেন্দ্ৰত আহমেদে কৰা উদ্ভণ্ডালিৰ বাবে প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ ছিদ্দিক আহমেদৰ লগতে দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানৰো তিনিগৰাকী দেহৰক্ষীক নিলম্বন কৰে নিৰ্বাচন আয়োগে ৷
প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদৰ নিৰাপত্তাৰক্ষীক প্ৰত্যাহাৰ
কৰিমগঞ্জৰ ভোটকেন্দ্ৰত আহমেদে কৰা উদ্ভণ্ডালিৰ বাবে প্ৰশাসনৰ এই সিদ্ধান্ত গ্ৰহণ ৷ লগতে দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানৰ তিনিগৰাকী দেহৰক্ষীকো নিলম্বন নিৰ্বাচন আয়োগৰ ৷
কৰিমগঞ্জৰ 153 আৰু 152 নম্বৰৰ দুটা ভোট কেন্দ্ৰত কৰ্তব্যৰত বিষয়াৰ বিৰুদ্ধে বিজেপিৰ হৈ কাম কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ নিৰ্বাচন আয়োগে দিয়া ভোটাৰ ৰচিদৰ জৰিয়তে ভোট দিয়াত বাধা প্ৰদান কৰাক লৈ ভোট কেন্দ্ৰত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ৷ এই ঘটনা কেন্দ্ৰ কৰি নিৰ্বাচন আয়োগে দুটা প'লিং ষ্টেচনৰ প'লিং বিষয়া আৰু প্ৰিজাইডিং বিষয়াকে ধৰি মুঠ চাৰিজন লোকক ভোট দিয়াৰ পৰা সাময়িক ভাৱে বৰ্খাস্ত কৰিছিল ৷ ইয়াৰ পাচতে ভোট কেন্দ্ৰত বন্ধ হৈ পৰে ভোট গ্ৰহণ ৷ পৰৱৰ্তী সময়ত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদ ভোট কেন্দ্ৰত উপস্থিত হৈ পুনৰ ভোট গ্ৰহণৰ দাবী জনায় ৷ ইয়াকে কেন্দ্ৰ কৰি প্ৰাক্তন মন্ত্ৰী গৰাকী আৰু আৰক্ষীৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ সেয়ে নিৰ্বাচন আয়োগে প্ৰাক্তন মন্ত্ৰী গৰাকীৰ দেহৰক্ষী নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷