কৰিমগঞ্জ, 26 নৱেম্বৰঃকৰিমগঞ্জৰ আচিমগঞ্জত ত্ৰিপুৰা আৰক্ষীয়ে বৃহৎপৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে ৷ ধৃত সৰবৰাহকাৰীৰ জনৰ নাম চুফীয়ান আহমেদ ৷
অসম- ত্ৰিপুৰা সীমান্তত 80 লাখ টকাৰ ড্ৰাগছসহ আটক এজন সৰবৰাহকাৰীক - অসম- ত্ৰিপুৰা সীমান্ত
গোপন সূত্ৰৰ পম খেদি অসম- ত্ৰিপুৰা সীমান্তত আৰক্ষীয়ে 80 লাখ টকাৰ ড্ৰাগছসহ আটক এজন সৰবৰাহকাৰীক ৷ অধিক তথ্যৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত ধৃত সৰবৰাহকাৰীক ৷
কৰিমগঞ্জ জিলাৰ আচিমগঞ্জ এলেকাৰ পৰা চুফীয়ান আহমেদ নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ত্ৰিপুৰা আৰক্ষীয়ে। এক গোপন সূত্ৰৰ পম খেদি অসম-ত্ৰিপুৰা সীমান্তৰ চূড়াইবাৰীৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰী জনৰ পৰা আৰক্ষীয়ে 10 হেজাৰ নিচা জাতীয় ইয়াবা টেবলেটৰ লগতে 30 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি,আছিমগঞ্জৰ পৰা গোবিন্দপুৰলৈ আহি থকা অৱস্থাত এখন অটোৰ গাড়ীৰ পৰা ড্ৰাগছসহ চুফীয়ানক আটক কৰিবলৈ সক্ষম হয়। জব্দ হোৱা ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় 80 লাখ টকা বুলি আৰক্ষীয়ে অনুমান কৰিছে। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে ধৃত চুফীয়াক শোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে চাওকঃকংগ্ৰেছৰ সংবিধান প্ৰণয়নত ভূমিকা আছে, বিজেপিয়ে কেৱল সংবিধান ভংগ কৰিব বিচাৰে !!