বদৰপুৰ,4 মাৰ্চঃকৰিমগঞ্জৰভাৰত-বাংলা আন্তৰ্জাতিক সীমান্তৰ ভাংগা 131 নং সীমান্তৰক্ষী বাহিনীৰ বৃহৎ সাফল্য লাভ । বুধবাৰে বদৰপুৰৰ মখই ভাংগা এলেকাত অভিযান চলাই প্ৰায় 1,00,00,000 টকাৰ ড্ৰাগছৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে । ধৃত সৰবৰাহকাৰী দুজন ভাঙ্গা অঞ্চলৰ ক্ৰমে চুনু আহমেদ আৰু চাহাবউদ্দিন বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, বদৰপুৰৰ লগতে ভাঙ্গা এলেকাত দীৰ্ঘদিন ধৰি ড্ৰাগছ মাফিয়াসকলে একপ্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ কিন্তু আশ্বৰ্যজনকভাৱে বদৰপুৰ আৰু ভাঙ্গা আৰক্ষীয়ে এইক্ষেত্ৰত নিধিৰাম চৰ্দাৰৰ ভূমিকা পালন কৰিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ উক্ত অঞ্চলত দিনৰ ভাগতে যুৱ প্ৰজন্মসকলে নিচাত ডুব গৈ থাকে বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰিছে ৷ ড্ৰাগছ মাফিয়াসকলে বাংলাদেশৰ লগতে ত্ৰিপুৰা,মণিপুৰ তথা মেঘালয়লৈ নিচাযুক্ত দ্ৰব্যসমূহ সৰবৰাহ কৰি থাকে ৷