কৰিমগঞ্জ, 12 জুলাই : কৰিমগঞ্জৰ আৰক্ষী জালত পৰিল বহু পৰিমাণৰ নিষিদ্ধ ব্ৰাউন ছুগাৰসহ এজন অভিযুক্ত ৷ গোপন তথ্যৰ ভিত্তিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় কৰিমগঞ্জ আৰক্ষী চকীৰ এটা দলে ৷ কৰিমগঞ্জৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভোলাৰাম টেৰঙৰ নেতৃত্বত অভিযান চলোৱা আৰক্ষীৰ দলটোৱে শনিবাৰে নিশা জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷
কৰিমগঞ্জত ড্ৰাগছসহ আটক সৰবৰাহকাৰী
শনিবাৰে নিশা কৰিমগঞ্জ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভোলাৰাম টেৰঙৰ নেতৃত্বত চলোৱা এক অভিযানত, প্ৰায় 15 লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ হোৱাৰ লগতে, এজন অভিযুক্তও আটক হয় ৷
উল্লেখ্য যে, দিৰ্ঘদিন ধৰি কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিত ড্ৰাগছৰ ব্যৱসায়ৰ চলি অহাৰ কথা জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ কৰিমগঞ্জ আৰক্ষীয়ে ইয়াৰ পূৰ্বেও জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ ইতিমধ্যে বিগত 5 মাহত 28 গৰাকী লোকক আটকো কৰিছে আৰক্ষীয়ে ৷ কৰিমগঞ্জ আৰক্ষীয়ে বৰ্তমানলৈ প্ৰায় 4 কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে বুলি জানিবলৈ দিয়ে ৷ কৰিমগঞ্জৰ সীমান্তবৰ্তী অঞ্চল সমূহক ড্ৰাগছ সৰবৰাহকাৰীয়ে ব্যৱসায়ৰ মূখ্যস্থলী হিচাপে ব্যৱহাৰ কৰি আহিছে বুলিও প্ৰকাশ কৰে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিৎ কৃষ্ণই ৷ শনিবাৰে নিশা চলোৱা অভিযানত চাবোনৰ বাকছত 5 পেকেট ড্ৰাগছ লৈ অহা অৱস্থাত আৰক্ষীয়ে ড্ৰাগছ খিনি জব্দ কৰাৰ লগতে, জামিল আহমদ নামৰ অভিযুক্ত জনক আটক কৰে ৷ জব্দকৃত ড্ৰাগছ খিনিৰ মূল্য প্ৰায় ১৫ লাখ টকা বুলি জানিবলৈ দিছে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷
লগতে পঢ়ক :নতুন মোৰ লৈছে নয়নতৰা বৰুৱা হত্যাকাণ্ডই