কৰিমগঞ্জ, 20 মাৰ্চঃ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত কলা ব্যৱসায়ীয়ে গা কৰি উঠাৰ লগে লগে সষ্টম হৈ পৰিছে ৰাজ্যৰ আৰক্ষী আৰু ষ্টেটিক চাৰ্ভিলেঞ্চ টিম ৷ কৰিমগঞ্জৰ চূড়াইবাড়িত আৰক্ষী আৰু ষ্টেটিক চাৰ্ভিলেঞ্চ টিমৰ তালাচীত এখন যাত্ৰীবাহী এলট্ৰ গাড়ীৰ পৰা জব্দ হয় দহ হেজাৰ ইয়াবা টেবলেট ৷ ইয়াবা টেবলেটখিনিৰ বজাৰ মূল্য ৫০ লাখ টকা ৷
কৰিমগঞ্জত বৃহৎ পৰিমানৰ ড্ৰাগচ জব্দ - এলট্ৰখন জব্দ কৰাৰ লগতে আটক কৰা হয় ত্ৰিপুৰাৰ উপত্তাকালী
কৰিমগঞ্জৰ চূড়াইবাড়িত আৰক্ষী আৰু ষ্টেটিক চাৰ্ভিলেঞ্চ টিমৰ তালাচী ৷ যাত্ৰীবাহী এলট্ৰ গাড়ীৰ পৰা জব্দ হয় দহ হেজাৰ ইয়াবা টেবলেট ৷ টেবলেটখিনিৰ বজাৰ মূল্য ৫০ লাখ টকা ৷ অসমৰ পৰা ত্ৰিপুৰা হৈ বাংলাদেশলৈ সৰবৰাহৰ কথা আছিল ড্ৰাগছ খিনি ৷
অসমৰ পৰা ত্ৰিপুৰা হৈ বাংলাদেশলৈ সৰবৰাহৰ কথা আছিল ড্ৰাগছ খিনি ৷ তালাচীৰ সময়ত AS 11 U 1496 নম্বৰৰ এখন এলট্ৰখন জব্দ কৰাৰ লগতে আটক কৰা হয় ত্ৰিপুৰাৰ উপত্তাকালী এলেকাৰ মহিলা চুপৰিয়া নাথ, আগৰতলাৰ মোক মিয়াৰ লগতে কৰিমগঞ্জৰ ৰাতাবাৰী এলেকাৰ জবৰুল আলম আৰু ফকৰুল ইছলামক ৷ আৰক্ষীৰ আগত আটক হোৱা সকলৰ বিস্ফোৰক স্বীকাৰোক্তি অনুসৰি ড্ৰাগছ খিনি বাংলাদেশৰ আলমগীৰ নামৰ এগৰাকী ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰাৰ কথা আছিল ৷ তেওঁলোকৰ এই স্বীকাৰোক্তিত এটা কথা স্পষ্ট হৈ পৰিছে যে, কৰিমগঞ্জ জিলাক কৰিডৰ হিচাবে ব্যৱহাৰ কৰি প্ৰতিদিনে চলিছে ড্ৰাগছৰ কলা বজাৰ ।