কৰিমগঞ্জ, 11 জুলাই:অসম ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথৰ চামটিলা এলেকাত শনিবাৰে অভিযান চলাই ত্ৰিপুৰা আৰক্ষীয়ে দহ লাখ টকাৰ ড্ৰাগছ সহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ।
জানিব পৰা মতে,শনিবাৰে অসমৰ পৰা আগৰতলালৈ অহাৰ সময়ত ত্ৰিপুৰাৰ পানীসাগৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই ড্ৰাগছ সহ আটক কৰে দুজনক লোকক । ধৃত যুৱক দুজনৰ নাম হৈছে নাছিৰউদ্দিনআৰু অভিজিৎ পাল ।