অসম

assam

ETV Bharat / state

কৰিমগঞ্জত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ - ড্ৰাগছ বিৰোধী অভিযান

নিশা কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত ঊষাৰানী গাঁৱত গোপন সূত্ৰৰ পম খেদি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কমলেশ সিঙৰ নেতৃত্বত চলিছিল এক ড্ৰাগছ বিৰোধী অভিযান । গাঁৱখনৰ আব্দুছ ছবুৰৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

drugs seize at karimganj
কৰিমগঞ্জত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

By

Published : May 30, 2021, 4:20 PM IST

কৰিমগঞ্জ,৩০ মে':মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে সষ্টম হৈছে অসম আৰক্ষী । প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন জিলাত চলিছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । প্ৰতিখন জিলাৰ লগতে কৰিমগঞ্জ জিলাৰ আৰক্ষীয়েও বিভিন্ন প্ৰান্তত অভিযান অব্যাহত ৰাখিছে ।

কৰিমগঞ্জত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

শনিবাৰে নিশা জিলাখনৰ নিলামবজাৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় । নিলামবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত ঊষাৰানী গাঁৱত গোপন সূত্ৰৰ পম খেদি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কমলেশ সিঙৰ নেতৃত্বত চলিছিল এই অভিযান ।

গাঁওখনৰ আব্দুছ ছবুৰৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । অভিযোগ অনুসৰি ঘৰৰ ভিতৰতে আব্দুছ ছবুৰে বিক্ৰীৰ বাবে ড্ৰাগছখিনি লুকুৱাই ৰাখিছিল । আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য কেইবা লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে । উল্লেখ্য যে, আব্দুছ ছবুৰৰ সমান্তৰালকৈ তেওঁৰ সহযোগী নাজিম উদ্দিন নামৰ আন এজন সৰবৰাহকাৰীকো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:সমষ্টিৰ গৰাখহনীয়া পৰিদৰ্শন বিধায়ক প্ৰদীপ সৰকাৰৰ

ABOUT THE AUTHOR

...view details