কৰিমগঞ্জ, 12 জুনঃ দক্ষিণ কৰিমগঞ্জত বিগত কেইবাদিন ধৰি অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান ৷ অঞ্চলটোত চলি অহা ড্ৰাগছৰ ৰহমৰীয়া ব্যৱসায়ক নেতৃত্ব দি আহিছে ছাব্বিৰ আহমেদ নামৰ যুৱকজনে ৷ আৰক্ষীয়ে বিগত তিনিদিনত ড্ৰাগছ সৰবৰাহকাৰীসহ জব্দ কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ, বিলাতী সুৰা, নকল টকা সহ কেবালাখ টকা মুল্যৰ নিষিদ্ধ কফ চিৰাপ ।
ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত পতি-পত্নী
দক্ষিণ কৰিমগঞ্জস্থিত 15নং অসম আৰক্ষী বেটেলিয়নৰ সন্মুখৰ পৰা এহাল দম্পত্তীক ড্ৰাগছসহ আটক কৰা হয় ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দম্পত্তীহালৰ পৰা 180 টা ড্ৰাগছভৰ্তি টেমা জব্দ কৰিবলৈ সক্ষম হৈছে ৷
আৰক্ষী বাহিনীৰ সন্মুখতে গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
বুধবাৰেও এক অভিযানৰ নেতৃত্ব দি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে এহাল দম্পত্তীক ৷ দক্ষিণ কৰিমগঞ্জ জিলাৰ ঈৰালীগুলস্থিত 15 অসম আৰক্ষী বাহিনীৰ মুখ্যালয়ৰ সন্মুখৰ পৰাই আৰক্ষীৰ দলটোৱে দম্পত্তীহালক কৰায়ত্ত কৰিছে ৷ দম্পত্তীহালৰ পৰা আৰক্ষীয়ে ড্ৰাগছভৰ্তি 180 টা ড্ৰাগছ ভৰ্তি টেমা জব্দ কৰিছে ৷ ধৃত দম্পত্তীহালক আব্দুল গফুৰ আৰু তাহেৰা বেগম বুলি জানিব পৰা গৈছে আৰু তাহিৰা বেগমে নিজৰ বেগত ড্ৰাগছখিনি ভৰাই আনিছিল বুলি অভিযানকাৰী দলে প্ৰকাশ কৰিছে ৷