অসম

assam

ETV Bharat / state

কৰিমগঞ্জত আটক ড্ৰাগছ সৰবৰাহকাৰী

সোমবাৰে কৰিমগঞ্জৰ দুৰ্লভচৰাত 135 টা ড্ৰাগছৰ টেমা সহ আটক এটা ড্ৰাগছ সৰবৰাহকাৰী ৷

By

Published : Jun 10, 2019, 9:04 PM IST

কৰিমগঞ্জ,10 জুনঃ ৰাজ্যত আজিৰ তাৰিখত অতিকৈ সহজলভ্য যদি কিবা আছে তেন্তে এয়া হ’ল বৰবিহ ড্ৰাগছ । আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ লৈ দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ সেৱন তথা সৰবৰাহ কাৰীৰ সংখ্যা । সোমবাৰে কৰিমগঞ্জৰ চেৰাগী বজাৰৰ পিছত কৰিমগঞ্জৰ ৰাতাবাৰী সমষ্টিৰ দুৰ্লভচৰাত আটক এটা ড্ৰাগছ সৰবৰাহকাৰী । আটক হোৱা যুৱকৰ নাম ছাব্বিৰ আহমদ । ছাব্বিৰৰ পৰা উদ্ধাৰ হৈছে 135 টা ড্ৰাগছৰ টেমা।ছাব্বিৰে চলাই অহা AS10B-0785 নম্বৰৰ এল্টো গাড়ীখনো জব্দ কৰিছে আৰক্ষীয়ে । গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে গাড়ীখনত তালাচী চলোৱাত এই ঘটনা পোহৰলৈ আহে ।

কৰিমগঞ্জত আটক ড্ৰাগছ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details