কৰিমগঞ্জ, ২২ জুন: চুবুৰীয়া ৰাজ্যে ত্ৰিপুৰাৰ পৰিবহণ বিভাগৰ বিৰূদ্ধে ক্ষোভিত হৈ পৰিছে ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িয়াই নিয়া ট্ৰাকৰ চালকসকল । পৰিবহণ আইনৰ নামত বিভাগীয়ে বিষয়াসকলে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে ট্ৰাক চালকসকলে । মঙলবাৰে অসম-ত্ৰিপুৰা সীমান্ত(ASSAM-TRIPURA) ৰ চূড়াইবাৰীত পৰিবহণ বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে চালকসকলে । সীমান্তৰ অসমৰ ভূমিত কৰিমগঞ্জ জিলাৰ হাতাই এলেকাত ৰাজপথৰ দাঁতিতে ৰখাই থয় ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িয়াই নিয়া ট্ৰাকবোৰ ।
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ত্ৰিপুৰাৰ প্ৰৱেশদাৰ চূড়াইবাৰী পৰিবহণ বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে খেলিমেলিৰ অভিযোগ উত্থাপন কৰি দুৰ্নীতি কৰিলে কোনেও ৰেহাই নাপায় বুলি সকীয়াই দিছিল । তাৰ পাছতো একাংশ পৰিবহণ বিষয়াই চালকসকলক আইনৰ অচিলা লৈ হাৰাশাস্তি দি আহিছে অভিযোগ তুলিছে চালকসকলে । আনহাতে, অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়া বাহনৰ চালকৰো একেই অৱস্থা ।
তেওঁলোকৰ মতে, পূৰ্বতে পৃথক ওজনৰ ব্যৱস্থা থাকিলেও বৰ্তমান আন আন যানবাহনৰ সৈতে তেওঁলোকৰ গাড়ীৰ ওজন কৰিবলগীয়া হয় । সেয়ে, ত্ৰিপুৰাত প্ৰৱেশ কৰাৰ সময়ত ২-৩ দিন সময় লাগে ।