কৰিমগঞ্জ, 7 জুলাই :হাইলাকান্দিৰ এগৰাকী চিকিৎসকৰ দেহত সোমবাৰে নিশা ধৰা পৰে ক'ৰণা ভাইৰাছৰ অৱস্থিতি ৷ কৰিমগঞ্জৰ নিজা ঘৰত হোম কোৱাৰেন্টাইনত থকা অবস্থাত ক'ভিড পজিটিভ ধৰা পৰে চিকিৎসকজন ৷
হাইলাকান্দি জিলাৰ কালিনগৰ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ড0 ৰুদ্ৰশংকৰ চক্ৰৱৰ্তীয়ে ২৯ জুনত স্বাৱ টেষ্ট কৰি কৰিমগঞ্জস্থিত নিজ ঘৰতে কোৱাৰেন্টাইন হৈ আছিল ৷ সোমবাৰে চিকিৎসকগৰাকীৰ স্বাৱ টেষ্টৰ ফলাফলত ক'ভিড পজিটিভ ধৰা পৰে ৷