অসম

assam

By

Published : Mar 30, 2019, 7:19 PM IST

ETV Bharat / state

ডি. এল.এডৰ যোগ শিক্ষাৰ পৰীক্ষা বাতিল

শনিবাৰে হঠাতে বাতিল কৰা হ'ল এচ চি ই আৰ টিৰ অধীনত অনুষ্ঠিত হোৱা ডি. এল. এড পৰীক্ষা ৷ প্ৰকাশ কৰা হোৱা নাই পৰীক্ষা বাতিল কৰাৰ প্ৰকৃত কাৰণ ৷

Dled Exam

কৰিমগঞ্জ , 30 মাৰ্চঃ কোনোআগতীয়া জাননী নিদিয়াকৈ বাতিল কৰা হ'ল ডি. এল. এড. পৰীক্ষা ৷ এচ চি ই আৰ টি ৰ অধীনত 22 মাৰ্চৰ পৰা অনুষ্ঠিত হৈছিল ডি. এল. এড.পৰীক্ষা ৷

বাতিল ডি. এল.এডৰ যোগ শিক্ষাৰ পৰীক্ষা

শনিবাৰে অনুষ্ঠিত হ'বলগীয়া যোগ শিক্ষাৰ পৰীক্ষা এচ চি ই আৰ টিয়ে হঠাতে বাতিল কৰিবলৈ জাননী জাৰি কৰে ৷ কোনো আগতীয়া জাননী নোহোৱাকৈ এনেদেৰে হঠাৎ পৰীক্ষা বাতিল হোৱাৰ ফলত বিপাঙত পৰে পৰীক্ষাৰ্থীসকল ৷ কোনো কাৰণ উল্লেখ নকৰাকৈ এচ চি ই আৰ টিৰ অতিৰিক্ত সচিব শিউলি দেৱী শৰ্মাৰ স্বাক্ষৰিত এক জাননীত পৰীক্ষা বাতিল হোৱা বুলি প্ৰকাশ কৰা হয় ৷ অৱশ্যে পৰৱৰ্তী কোনটো তাৰিখত যোগ শিক্ষাৰ পৰীক্ষা অনুষ্ঠিত হ'ব এই বিষয়ে কোনো কথা উল্লেখ নাই জাননীখনত ৷

ABOUT THE AUTHOR

...view details