কৰিমগঞ্জ,14 অক্টোবৰ : সমগ্ৰ ৰাজ্যৰ লগতে কৰিমগঞ্জতো ব্যাপক উছাহ-উদ্দীপনাৰে কালী পূজা আৰু দীপাৱলী উদযাপন কৰা হৈছে । সীমান্ত জিলা কৰিমগঞ্জত প্ৰতিবাৰৰ দৰে এইবেলিও দীপাৱলীৰ নান্দনিক দৃশ্য পৰিলক্ষিত হৈছে ।
ক’ভিডৰ মাজতে কৰিমগঞ্জত দীপাৱলী উদযাপন - দীপাৱলী
কৰিমগঞ্জত ব্যাপক উছাহেৰে কালী পূজা আৰু দীপাৱলী উদযাপন ৷ পৰম্পৰা অনুসৰি কুশিয়াৰা নৈৰ সিপাৰে বাংলাদেশৰ জকিগঞ্জত বাংলাদেশী লোকে দ্বীপ দান কৰা পৰিলক্ষিত হয় ৷

কৰিমগঞ্জত দীপাৱলী উদযাপন
দীপাৱলীৰ পোহৰেৰে উজ্বলি উঠিল কৰিমগঞ্জ চহৰ । হিন্দু পৰম্পৰা অনুসৰি,পূৰ্ব পুৰুষক স্মৰণ কৰি কুশিয়াৰা নৈৰ দশমী ঘাটত দ্বীপ জ্বলাই দিয়া হয় আৰু তাত যথেষ্ট ভিৰ পৰিলক্ষিত হয় । ঠিক একেদৰেই কুশিয়াৰা নৈৰ সিপাৰে বাংলাদেশৰ জকিগঞ্জত বাংলাদেশী লোকে দ্বীপ দান কৰা দেখা গ’ল । ক’ভিভ সৃষ্ট পৰিৱেশৰ মাজতে ৰাইজে উদযাপন কৰিলে পোহৰৰ দিপান্বিতা ৷
লগতে পঢ়ক :কৰ্মৰ মাজতেই দিপাৱলী উদযাপন অগ্নিনিৰ্বাপক আৰু আপদকালীন সেৱাৰ বিষয়া কৰ্মচাৰীৰ