কৰিমগঞ্জ, 19 জুনঃ এমজিএনৰেগাৰ অধীনত ২০১৭ চনতে পথ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ পলডহৰ গাঁৱত ৷ কিন্তু নাম ফলক লগোৱাৰ পিচতো সমষ্টিটোৰ এআইইউডিএফৰ বিধায়ক আজিজ খানে সেই কামৰ অগ্ৰগতি এবাৰলৈয়ো পৰিদৰ্শন নকৰাৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে ৷ ফলস্বৰূপে আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল পথটো নিৰ্মাণৰ কাম ৷
কৰিমগঞ্জত স্থানীয় লোকে নিৰ্মাণ কৰিলে পথৰ কাম - south karimganj
উন্নয়ৰ নামত নাম ফলক লগাই কামৰ অগ্ৰগতি এবাৰো পৰিদৰ্শন নকৰাৰ অভিযোগ উত্থাপন হৈছে দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ খানৰ বিৰুদ্ধে ৷ যাৰ বাবে বিধায়কলৈ ৰৈ নাথাকি সমষ্টিটোৰ পলডহৰ গাঁৱৰ জৰাজীৰ্ণ পথ নিৰ্মাণ কৰিলে স্থানীয় যুৱকসকলে ৷
dilapidated road in south karimganj
জৰাজীৰ্ণ পথটোৰ বাবে সমষ্টিটোৰ ৰাইজে সময়ে সময়ে ভুগি আহিছে দুৰ্ভোগ ৷ পথটোৱে সম্প্ৰতি ৰূপ লৈছে একো একোটা বৃহৎ পুখুৰীৰ ৷ যাৰ বাবে এতিয়া জন- প্ৰতিনিধিলৈ ৰৈ নাথাকি স্থানীয় যুৱকসকলেই আৰম্ভ কৰিছে পথটোৰ নিৰ্মাণ কাৰ্য ৷
লগতে পঢ়কঃডিব্ৰুগড়ত ভয়াবহ খহনীয়া, ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল 6টা বাসগৃহ