অসম

assam

জৰাজীৰ্ণ ঘাইপথে জীয়াতু ভোগাইছে ৰাতাবাৰী সমষ্টিবাসীক

By

Published : Sep 30, 2020, 3:47 PM IST

কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজমজিয়াত থকা বৃহৎ বৃহৎ গাতে সম্প্ৰতি বিপদ মাতি আনিছে পথাচাৰীৰ জীৱনলৈ ৷ তাৰ পাচতো নীৰৱে চাই থকা জনপ্ৰতিনিধি সকলৰ বিৰুদ্ধে বুধবাৰে ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে ৷

জৰাজীৰ্ণ ঘাইপথ
জৰাজীৰ্ণ ঘাইপথ

কৰিমগঞ্জ, 30 ছেপ্তেম্বৰ:জৰাজীৰ্ণ অৱস্থাত কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ ৰাষ্ট্ৰীয় ঘাইপথ ৷ ৰাষ্ট্ৰীয় ঘাইপথটোৰ মাজ-মজিয়াত থকা বৃহৎ বৃহৎ গাতে সম্প্ৰতি বিপদ মাতি আনিছে পথাচাৰীৰ জীৱনলৈ ৷ কিয়নো সেই জৰাজীৰ্ণ পথত প্ৰায় প্ৰতিদিনেই সংঘটিত হৈ আহিছে দুৰ্ঘটনা ৷ যাক লৈ বুধবাৰে স্থানীয় বিধায়ক বিজয় মালাকাৰ আৰু শাসনাধীন চৰকাৰখনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে স্থানীয় ৰাইজে ৷

জৰাজীৰ্ণ ঘাইপথে জীয়াতু ভোগাইছে ৰাতাবাৰী সমষ্টিবাসীক

ৰাইজৰ অভিযোগ অনুসৰি,বিধ্বস্ত পথটো মেৰামতিৰ বাবে স্থানীয় জনপ্ৰতিনিধি গৰাকীৰ লগতে বহু মন্ত্ৰীয়ে তথা চৰকাৰী কৰ্তৃপক্ষই প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যদিও,সেয়া বাস্তৱতঃ ফলপ্ৰসু হৈ নুঠিল ৷ যাৰ বাবে বিগত বহু বছৰৰ পৰাই ৰাইজে পথটোক কেন্দ্ৰ কৰি জীয়াতু ভুগি আহিবলগীয়া হৈছে ৷ তাৰ পাচতো সমষ্টিটোৰ বিধায়ক,সাংসদ সকলো নিমাত হৈ থকাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে ৷

লগতে পঢ়ক:মৰিগাঁৱত বৰালিমাৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়া

ABOUT THE AUTHOR

...view details