অসম

assam

ETV Bharat / state

মুখৰ কথাৰে পৰিচালিত হোৱা এটা ডিজিটেল পাকঘৰ - পৰিচালিত

কৰিমগঞ্জৰ এগৰাকী কৰ্মচাৰীয়ে নিৰ্মাণ কৰি উলিয়াইছে ডিজিটেল পাকঘৰ ৷ পাকঘৰটোৰ সকলো সামগ্ৰী পৰিচালিত হয় মুখৰ ম'বাইলৰ জৰিয়তে ৷ যুৱকজনক লৈ গৌৰাৱন্বিত অঞ্চলবাসী ৷

DIGITAL KITCHEN IN KARIMGANJA
মুখৰ কথাৰে পৰিচালিত হোৱা ডিজিটেল পাকঘৰ

By

Published : Sep 1, 2020, 9:06 PM IST

কৰিমগঞ্জ, 1 ছেপ্তম্বৰ :মনোবল, আত্মবিশ্বাস আৰু একাগ্ৰতা থাকিলে সাধাৰণ লোকেও কৰিব পাৰে কিছু অসাধাৰণ কাম ৷ তেনে এগৰাকী প্ৰতিভা সম্পন্ন যুৱক হৈছে কৰিমগঞ্জ চহৰৰ ষ্টিমাৰঘাট ৰোডৰ বাসিন্দা তথা কৰিমগঞ্জ আদালতৰ কৰ্মচাৰী পাৰ্থ সাৰথি দাস ৷ পেলনীয়া সামগ্ৰীৰে বিভিন্ন ধৰণৰ সামগ্ৰী নিৰ্মাণ কৰি উলিওবা পাৰ্থ সাৰথি দাসে শেহতীকৈ নিৰ্মাণ কৰি উলিয়াইছে ডিজিটেল পাকঘৰ ৷ পত্নীৰ সহযোগত মাতৃৰ বাবে নিৰ্মাণ কৰি উলিওবা ডিজিটেল পাকঘৰটোৰ বহুকেইপদ সামগ্ৰী পৰিচালিত হয় মুখৰ মাতেৰে ৷ আনকি, মোবাইলৰ জৰিয়তেও যিকোনো প্ৰান্তৰ পৰা পৰিচালিত কৰিব পৰা যায় পাকঘৰটো ৷

মুখৰ কথাৰে পৰিচালিত হোৱা ডিজিটেল পাকঘৰ

পাকঘৰটোৰ সকলো বোৰ সামগ্ৰী যেনে, লাইট, ফেন, আলমিৰা, পানীৰ টেপ, ডাষ্টবিন, আদি সকলো মুখৰ কথাৰে পৰিচালিত হয় ৷ ইফালে, পাকঘৰটো পৰিষ্কাৰ কৰিবৰ বাবে পাৰ্থ সাৰথি দাসে ব্যবহাৰ কৰিছে নিজে নিৰ্মিত এটা বিশেষ ৰবট ৷

চাকৰিৰ ব্যস্ততাৰ মাজতে পাৰ্থ সাৰথি দাসে সৃষ্টিশীল উদ্ভাৱন শক্তিৰ জৰিয়তে এইদৰে ডিজিটেল পাকঘৰটো প্ৰস্তুত কৰাত স্বাভাৱিকতে তেওঁক লৈ গৌৰৱবোধ কৰিছে পৰিয়াল আৰু ওচৰ-চুবুৰীয়াই ৷

লগতে পঢ়ক : বীৰ লাচিত সেনাৰ উদ্যোগত গঠন হ’ল নতুন ৰাজনৈতিক দল

ABOUT THE AUTHOR

...view details