অসম

assam

ETV Bharat / state

বদৰপুৰ টাউন কমিটিৰ অধীনস্থ দুটাকৈ ৱাৰ্ডঃ আজিকোপতি দেখা নাই উন্নয়নৰ মুখ - DEVELOPMENTLESS BADARPUR

বদৰপুৰ টাউন কমিটিৰ অধীনস্থ 4 আৰু 3 নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ ক্ৰমে ৰীতা ৰাণী দাস আৰু 4 নং ৱাৰ্ডৰ কমিছনাৰ অনন্ত বৰুৱাই আজি পৰ্যন্ত ৱাৰ্ড দুটাক লৈ কোনো উন্নয়নমূলক কাম নকৰাক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে স্থানীয় বাসিন্দাসকল ৷

BADARPUR
BADARPUR

By

Published : Feb 26, 2020, 7:30 PM IST

বদৰপুৰ, 26 ফেব্ৰুৱাৰীঃবদৰপুৰ টাউন কমিটিৰ অধীনস্থ 4 আৰু 3 নং ৱাৰ্ডৰ ৰাইজৰ অন্ত নাই ক্ষোভৰ ৷ কিয়নো এই ৱাৰ্ড দুটাত হোৱা নাই কোনো ধৰণৰ উন্নয়ন ৷ ৱাৰ্ড দুটা টাউন কমিটিৰ অন্তৰ্গত যদিও বাট পথ ইয়াৰ বাট পথ, পৰ্যাপ্ত নহয় খোৱাপানীৰ যোগানো ৷ বাৰিষাৰ সময়ত এই জৰাজীৰ্ণ পথৰ বাবে একপ্ৰকাৰে বন্ধ হৈ পৰে হৈ পৰে যাতায়াতৰ ব্যৱস্থা ৷ তদুপৰি আজিলৈ সম্পূৰ্ণ হৈ উঠা নাই নলাসমূহো ৷ অসম্পূৰ্ণ নলাসমূহ পৰিস্কাৰ কৰাৰ বাবেও কোনো ব্যৱস্থা আজি পৰ্যন্ত হাতত লোৱা নাই 3 নং ৱাৰ্ডৰ কমিছনাৰ ৰীতা ৰাণী দাস আৰু 4 নং ৱাৰ্ডৰ কমিছনাৰ অনন্ত বৰুৱাই ৷

বদৰপুৰ টাউন কমিটিৰ অধীনস্থ দুটাকৈ ৱাৰ্ডঃ আজিকোপতি দেখা নাই উন্নয়নৰ মুখ

ABOUT THE AUTHOR

...view details