কৰিমগঞ্জ, 5 অক্টোবৰ: সুদীৰ্ঘ বছৰৰ অন্তত বাহন চলিল কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ নিতাই নগৰ,উত্তৰ নিতাই নগৰ,চৰকাৰী বাড়ী এলেকাত ৷ প্ৰায় 3 হাজাৰ বাসিন্দাৰে ভৰা অঞ্চলকেইটাত নাছিল যাতায়াতৰ বাবে কোনো সুচল পথ ৷ যাৰ বাবে গাঁও কেইখনত কেতিয়াও চলা নাছিল বাহন ৷ আনকি বেয়া পথৰ বাবে সেই গাঁৱৰ যুৱতীসকলৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পৰাও বিৰত আছিল লোক ৷
সুদীৰ্ঘ বছৰৰ অন্তত বাহন প্ৰৱেশ কৰা এটা এলেকা - ৰাতাবাৰী বিধানসভা সমষ্টি
ৰাতাবাৰী বিধানসভা সমষ্টিৰ নিতাই নগৰ,উত্তৰ নিতাই নগৰ,চৰকাৰী বাড়ী এলেকাত সুদীৰ্ঘ বছৰৰ অন্তত চলিল বাহন ৷ দীৰ্ঘদিনে উন্নয়নৰ বিমুখ হৈ আছিল বৃহত্তৰ এলেকাতো ৷
বাহন প্ৰৱেশ কৰা এটা এলেকা
পিচে সোমবাৰে স্থানীয় ৰাইজে হাত চাপৰিৰে স্বাগতম জনালে এখন বাহনক ৷ তেওঁলোকৰ বাবে যেন কোনো কাৰ ৰেছত জয়ী হৈছে তেওঁলোক ৷ ঘৰৰ পৰা গামোচা পিন্ধি ওলাই গৈ বজাৰ পাই ভাল পোচাক সলনি কৰিবলগীয়া হৈছিল গাঁওবাসীয়ে ৷ তেনেস্থলত তেওঁলোকৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত সম্প্ৰতি বৃহত্তৰ অঞ্চলটোৰ জৰাজীৰ্ণ পথ সুচল হৈছে ৷ যাক লৈ আনন্দিত হৈ পৰিছে তেওঁলোক ৷
Last Updated : Oct 5, 2020, 4:53 PM IST