অসম

assam

ETV Bharat / state

কৰিমগঞ্জত শীঘ্ৰেই স্থাপন কৰা হ'ব শ্ৰী শ্ৰী ভুবেনেশ্বৰ সাধুঠাকুৰ কলাক্ষেত্ৰ - ৰাতাবাড়ি সমষ্টি হৰিনগৰ

পুনৰ অসম চুক্তিৰ ৬ষ্ঠ অনুচ্ছেদৰ অধীনত অন্যান্য জনগোষ্ঠীসকলৰ লগতে, বিষ্ণুপ্ৰিয়া মনিপুৰী জনগোষ্ঠীকো সামৰি লোৱাৰ দাবী উত্থাপন ৷ নিখিল বিষ্ণুপ্ৰিয়া মনিপুৰী মহাসভাৰ ৪৬সংখ্যক ত্ৰিবাৰ্ষিকীয় কেন্দ্ৰীয় অধিবেশনৰ সময়ত ৰাজ্য চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলেৰ আগত এই দাবী উত্থাপন কৰে কৰিমগঞ্জ জিলাৰ লগতে অধিবেশনত অংশগ্ৰহণ কৰা বিষ্ণুপ্ৰিয়া মনিপুৰী জনগোষ্ঠীৰ প্ৰতিনিধিসকলে ৷

demands of bishnupriya manipuri will be fulfilled soon says minister dole at karimganj
কৰিমগঞ্জত নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভাৰ ৪৬সংখ্যক ত্ৰিবাৰ্ষীকিয় কেন্দ্ৰীয় অধিৱেশন

By

Published : Feb 5, 2020, 6:28 PM IST

কৰিমগঞ্জ, 5 ফেব্ৰুৱাৰীঃকৰিমগঞ্জৰ ৰাতাবাড়ি সমষ্টিৰ হৰিনগৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় নিখিল বিষ্ণুপ্ৰিয়া মনিপুৰী মহাসভাৰ ৪৬সংখ্যক ত্ৰিবাৰ্ষিকীয় কেন্দ্ৰীয় অধিবেশন । অধিবেশনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ সাংস্কৃতিক আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে ৷ দলেৰ লগতে কাৰ্যসূচীত উপস্থিত থাকে ৰাতাবাড়ি সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল, শিলচৰৰ বিধায়ক দিলীপ পাল আৰু কৰিমগঞ্জ সমষ্টিৰ সাংসদ কৃপানাথ মাল্লাই ৷ অধিবেশনত অংশগ্ৰহণ কৰে অসমৰ লগতে কলকাতা আৰু মনিপুৰসহ অন্যান্য ৰাজ্যৰ লগতে বাংলাদেশৰ বিষ্ণুপ্ৰিয়া মনিপুৰী জনগোষ্ঠীৰ লোকসকলে ৷

কৰিমগঞ্জত নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভাৰ ৪৬সংখ্যক ত্ৰিবাৰ্ষীকিয় কেন্দ্ৰীয় অধিৱেশন

অধিবেশনত অংশগ্ৰহণ কৰি মন্ত্ৰী নৱ কুমাৰ দলে, বিষ্ণুপ্ৰিয়া মনিপুৰীসকলৰ বাবে কৰিমগঞ্জত শ্ৰী শ্ৰী ভুবেনেশ্বৰ সাধুঠাকুৰ কলাক্ষেত্ৰ বনাই দিয়াৰ লগতে এইবাৰৰ বাজেট অধিবেশনত পূঁজি আবন্টন দিয়া হ'ব বুলি প্ৰকাশ কৰে ৷ গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ দৰেই শ্ৰী শ্ৰী ভুবেনেশ্বৰ সাধুঠাকুৰ কলাক্ষেত্ৰ বনোৱা হ'ব বুলি প্ৰকাশ কৰে মন্ত্ৰী নৱ কুমাৰ দলে ৷ ইয়াৰ উপৰিও অসম চুক্তিৰ ৬ষ্ঠ অনুচ্ছেদৰ অধীনত অন্যান্য জনগোষ্ঠীসকলৰ লগতে, বিষ্ণুপ্ৰিয়া মনিপুৰী জনগোষ্ঠীকো সামৰি লোৱাৰ দাবী পুনৰ উত্থাপন কৰে জনগোষ্ঠীটোৰ প্ৰতিনিধিসকলে ৷ এইক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে যে, যিহেতু সকলো জাতি-জনগোষ্ঠীক লৈ সৰ্বানন্দ সোণোৱাল চৰকাৰ আগবাঢ়ি আহিছে গতিকে তেওঁলোকৰ এই দাবীৰ ক্ষেত্ৰতো চৰকাৰে এক গঠনমুলক ভূমিকা গ্ৰহন কৰিব ।

ABOUT THE AUTHOR

...view details