অসম

assam

সীমান্ত সুৰক্ষা নিশ্চিত কৰাত বিজেপি ব্যৰ্থ হৈছে : দেৱব্ৰত শইকীয়া

By

Published : Nov 9, 2020, 11:09 AM IST

কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ কৰিমগঞ্জ ভ্ৰমণ ৷ অসম-মিজোৰাম সীমা সমস্যা সন্দৰ্ভত পৰিস্থিতিৰ বুজ ল’বলৈ যায় বিৰোধী দলপতি গৰাকী ৷ কৰিমগঞ্জ চহৰ সংলগ্ন এলাকাত কাঁইটীয়া তাঁৰৰ বেৰসহ সীমান্ত পথৰ কাম সম্পন্ন কৰাত বিজেপি ব্যার্থ হৈছে বুলি মন্তব্য় শইকীয়াৰ।

assam mizoram border
অসম-মিজোৰাম সীমা সমস্যা

কৰিমগঞ্জ, 9 নবেম্বৰ : ‘‘কৰিমগঞ্জ চহৰ অতিকৈ অসুৰক্ষিত । যিকোনো সময়তে চুবুৰীয়া দেশৰ পৰা মানুহ সোমাই ভাবুকিৰ সৃষ্টি কৰিব পাৰে । সীমা সুৰক্ষা বাহিনীয়েও একো কৰিব নোৱাৰে । কাঁইটীয়া তাঁৰৰ বেৰা আৰু সীমান্ত পথৰ অভাৱত ভালকৈ সুৰক্ষা প্ৰদান কৰিব পাৰা নাই সীমা সুৰক্ষা বাহিনীয়ে’’ । কৰিমগঞ্জত উপস্থিত হৈ এই মন্তব্য আগবঢ়াই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ তেওঁ কয় যে, কৰিমগঞ্জ চহৰ সংলগ্ন এলেকাত কাঁইটীয়া তাঁৰৰ বেৰসহ সীমান্ত পথৰ কাম সম্পন্ন কৰাত ব্যার্থ হৈছে বিজেপি ।

দেৱব্ৰত শইকীয়াৰ কৰিমগঞ্জ ভ্ৰমণ

বহু বাধা-বিপত্তিৰ ফলত এতিয়াও সম্ভৱ হৈ উঠা নাই কৰিমগঞ্জ চহৰ সংলগ্ন 3.5 কিলোমিটাৰ ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ কাম | ৯৬ কিলোমিটাৰ বাংলাদেশ-সীমান্তৰ সকলো ঠাইত কাঁইটীয়া তাঁৰৰ বেৰ থাকিলেও কৰিমগঞ্জ চহৰ সংলগ্ন সীমা নিৰ্ধাৰণকাৰী নৈ কুশিয়াৰাৰ তীৰত 3.৩৫ কিলোমিটাৰ এলাকাত ৰাইজৰ সমস্যা আৰু বাংলাদেশৰ আপত্তিত ১২ বছৰেও অসম্পূৰ্ণ হৈ থাকিল কাঁইটীয়া তাঁৰৰ বেৰ বহুৱা কাৰ্য ৷

সীমান্ত অঞ্চলত আনকি নাই ব’ৰ্ডাৰ ৰোড (সীমান্ত পথো)। যাৰ বাৱে ভালকৈ সুৰক্ষা প্ৰদান কৰিব পাৰা নাই সীমা সুৰক্ষা বাহিনীয়ে । এই অঞ্চলত কিবা এটা অসুবিধাৰ সৃষ্ঠি বি.এছ.এফে বোকামাটি পাৰ হৈ কাৰোবাৰ ঘৰৰ চোতালদি যাতায়াত কৰি চোৱাচিতা কৰিব লাগে সীমান্ত সমস্যা । চহৰৰ ৩'৫ কিলোমিটাৰ উন্মোক্ত সীমান্ত সীমান্তলৈ উদ্বিগ্ন দেবব্ৰত শাইকীয়া । সুতাৰকান্দি সীমান্ত পৰিদৰ্শন কৰি এনে মন্তব্য কৰে কংগ্ৰেছ নেতা দেবব্ৰত শাইকীয়ায়ই কয় যে, সীমান্ত সুৰক্ষাৰ কথা সোণোৱাল চৰকাৰে কৈ আহিলেও বাস্তৱিক ক্ষেত্ৰত ইয়াৰ প্ৰতিফলন হোৱা নাই

লগতে পঢ়ক :অসম সীমান্তৰ পৰা পিছুৱাই নোযোৱাৰ হুংকাৰ মিজোৰ

ABOUT THE AUTHOR

...view details