কৰিগঞ্জত সলিল সমাধি ঘটা কিশোৰীৰ মৃতদেহ উদ্ধাৰ - minor girl
কৰিমগঞ্জৰ বাজাৰিছড়া আৰক্ষী থানাৰ অন্তর্গত লোয়াৰপোয়া অঞ্চলত সংঘটিত হৈছিল এই ঘটনাটো৷ বুধবাৰে খুচবু তেওৰিয়াই দুই ভগ্নী-ভাতৃৰ স'তে লঙ্গাই নৈত গা ধুবলৈ গৈছিল ৷ তেনে সময়তে দুৰ্ভাগ্যক্ৰমে ভৰি পিছল খাই নৈত পৰি সলিল সমাধি ঘটিছিল খুচবু তেওৰিয়াৰ৷
কৰিমগঞ্জ 24 মেঃ কৰিমগঞ্জৰ জিলাৰ পাথাৰকান্দি সমষ্টিৰ লোৱাইৰপোৱা অঞ্চলত নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল খুচবু তেওৰিয়া নামৰ 14 বছৰীয়া এগৰাকী কিশোৰীৰ ৷ কৰিমগঞ্জৰ বাজাৰিছড়া আৰক্ষী থানাৰ অন্তর্গত লোয়াৰপোয়া অঞ্চলত সংঘটিত হয় এই ঘটনাটো ৷ বুধবাৰে খুচবু তেওৰিয়াই দুই ভগ্নী-ভাতৃৰ স'তে লঙ্গাই নৈত গা ধুবলৈ গৈছিল ৷ তেনে সময়তে দুৰ্ভাগ্যক্ৰমে ভৰি পিছল খাই নৈত পৰি সলিল সমাধি ঘটিছিল খুচবু তেওৰিয়াৰ৷ স্থানীয় লোকৰ বহু চেষ্টাৰ পিচতো সন্ধান উলিয়াব পৰা নাছিল কিশোৰীগৰাকীৰ৷ পৰৱৰ্তী সময়ত আৰক্ষী তথা এচডিআৰএফ বাহিনীয়ে যুটীয়া অভিযান চলাই যদিও মৃতদেহ উদ্ধাৰ কৰাত ব্যৰ্থ হয় ৷ অৱশেষত তিনি দিনৰ পাচত শুকুৰবাৰে ৰাতিপুৱা ছলগৈ অঞ্চলত উদ্ধাৰ হয় কিশোৰীজনৰ মৃতদেহ।