অসম

assam

By

Published : Jul 4, 2020, 9:54 AM IST

ETV Bharat / state

কৰিমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যুৱকৰ মৃতদেহ উদ্ধাৰ

কৰিমগঞ্জ চহৰৰ কালী মহাবীৰ ৰোডৰ এজন যুৱকৰ মৃতদেহ শ্ৰীগৌৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ ৷

মৃত যুৱকগৰাকী দিবেন্দু দাস বুলি চিনাক্ত
কৰিমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যুৱকৰ মৃতদেহ উদ্ধাৰ

কৰিমগঞ্জ, 4 জুলাই :শ্ৰীগৌৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কৰিমগঞ্জ চহৰৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ মৃত যুৱকগৰাকী দিবেন্দু দাস বুলি চিনাক্ত কৰা হৈছে ৷

কৰিমগঞ্জত যুৱকৰ মৃতদেহ উদ্ধাৰ

ঘটনাৰ বিৱৰণী অনুসৰি,শুকুৰবাৰে শ্ৰীগৌৰি এলেকাৰ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল এগৰাকী ব্যক্তিৰ মৃতদেহ । স্থানীয় বিজেপি নেতা ৰুপন কুমাৰ পালে ঘটনা সম্পৰ্কত স্থানীয় আৰক্ষীক অৱগত কৰে ৷ ইয়াৰ পাছতে ঘটনাস্থলীত আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ কৰ্মী উপস্থিত হৈ পিপিই কীট পৰিধান কৰি 108 এম্বুলেঞ্চেৰে কৰিমগঞ্জ জিলা হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

কৰিমগঞ্জত যুৱকৰ মৃতদেহ উদ্ধাৰ

মৃতদেহৰ পকেটৰ পৰা উদ্ধাৰ হোৱা ড্ৰাইভিং লাইচেন্সৰ পৰা যুৱকজন মহাবীৰ ৰোডৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে । বৰ্তমানলৈকে যুৱকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷

কৰিমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যুৱকৰ মৃতদেহ উদ্ধাৰ

লগতে পঢ়ক :ৰাজ্যৰ 20 খন জিলা জলমগ্ন : 35 গৰাকী মৃত্যু

ABOUT THE AUTHOR

...view details