কৰিমগঞ্জ, 5 জুনঃৰাতাবাৰীৰ দুল্লভছড়া চাহ বাগিছাত এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ জানিব পৰা মতে, চাহগছত ঔষধ ছটিওৱাৰ সময়ত দুগৰাকী শ্ৰমিকে বাগিছাৰ নলাত উলংগ অৱস্থাত মৃতদেহটো পৰি থকা দেখে ৷ মৃতদেহটো দেখি শ্ৰমিক দুগৰাকীয়ে ততাতয়াকৈ বাগিছা কৰ্তৃপক্ষক অৱগত কৰে ৷
কৰিমগঞ্জৰ দুল্লভছড়া চাহ বাগিছাত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ - মৰণোত্তৰ পৰীক্ষা
শুকুৰবাৰে ৰাতাবাৰীৰ দুল্লভছড়া চাহ বাগিছাত চাহগছত ঔষধ ছটিওৱাই থকাৰ সময়ত দুগৰাকী শ্ৰমিকে, এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷ বাগিছাৰ নলাত উলংগ অৱস্থাত পৰি আছিল মৃতদেহটো ৷
![কৰিমগঞ্জৰ দুল্লভছড়া চাহ বাগিছাত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ deadbody recovered in karimganj](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7484859-thumbnail-3x2-kk.jpg)
deadbody recovered in karimganj
কৰিমগঞ্জৰ দুল্লভছড়া চাহ বাগিছাত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ
কৰ্তৃপক্ষই ৰাতাবাৰী আৰক্ষী চকীত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰক্ষীয়ে আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ পৰিচিতি ওলোৱা নাই মহিলাগৰাকীৰ ৷