কৰিমগঞ্জ, 15 জানুৱাৰী : শুকুৰবাৰে সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হয় ভোগৰ উৎসৱ ভোগালী (People celebrating Bhogali Bihu in Assam) ৷ এই ভোগালীৰ আনন্দৰ মাজতে কৰিমগঞ্জত সংঘটিত হ'ল অঘটন ৷ বিহুৰ দিনাই কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তৰ হাতিৰগুলৰ জংঘলত চীপ লোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে এটা মৃতদেহ (Dead body recovered at Karimganj in mysterious way) । মৃত ব্যক্তিজন প্ৰজয় চন্দ (25) বুলি জানিব পৰা গৈছে ৷
ঘটনা অনুসৰি, শুকুৰবাৰে ৰাতি বিহুৰ বাবে পৰিয়ালৰ সৈতে এসাঁজ খাই ঘৰৰ বাহিৰলৈ ওলাই আহিছিল প্ৰজয় চন্দ নামৰ লোকজন ৷ তাৰপিছৰে পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে ব্যক্তিগৰাকী ৷
এই ঘটনাৰ পাছতে পৰিয়ালৰ লোকে সমীপৰ সকলো ঠাইতে বিচাৰি চলাথ কৰে ব্যক্তিজনক ৷ কিন্তু কোনো শুংসূত্ৰহে লাভ নকৰিলে ব্যক্তিগৰাকীৰ ৷ এই ঘটনাৰ পিছতে ৰহস্যজনকভাৱে প্ৰজয় চন্দৰ মৃতদেহ ঘৰৰ পৰা প্ৰায় 700 মিটাৰ দূৰৈত থকা এখন হাবিৰ ভিতৰৰ এডাল গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় ৷