কৰিমগঞ্জ,১৮ জুন :কৰিমগঞ্জৰ বাৰইগ্ৰামত এক ৰহস্যজনক ঘটনা সংঘটিত হৈছে । মঙলবাৰে পুৱা জিলাখনৰ বাৰইগ্ৰাম এলাকাৰ ধলছড়াত,চিপ লোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে এটা মৃতদেহ। মৃতলোকজন কমৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে ।
কৰিমগঞ্জ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ - sucide
চিকিৎসালয়ত উপস্থিত হৈ কমৰুলৰ আত্মীয়ই এয়া আত্মহত্যা নহয় বুলি অভিযোগ কৰি কোনো হত্যাকাৰীয়ে কমৰুলক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছে বুলি মন্তব্য কৰে ।
আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। চিকিৎসালয়ত উপস্থিত হৈ কমৰুলৰ আত্মীয়ই এয়া আত্মহত্যা নহয় বুলি অভিযোগ কৰি কোনো হত্যাকাৰীয়ে কমৰুলক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছে বুলি মন্তব্য কৰে। মৃতকৰ আত্মীয়ই জনোৱা অনুসৰি কমৰুল ইছলামৰ মৃতদেহ যদিও চিপ লোৱা অবস্থাত উদ্ধাৰ হয়,কিন্তু মৃতদেহটো উলমি থকাৰ পৰিৱৰ্তে ভৰি দুটা মাটিতে লাগি আছিল। ইপিনে হত্যাকাৰীয়ে হেনো এদিন পূৰ্বেই কমৰুলক হাত ভৰি কাটি পেলাই দিয়াৰ ভাবুকি দিছিল। গাঁওখনৰ ছকত উদ্দিনে কমৰুলক হত্যা কৰাৰ অভিযোগ উত্থাপিত কৰে পৰিয়ালৰ লোকে। তেওঁলোকৰ অভিযোগ অনুসৰি ছকত আলীৰ এগৰাকী কন্যা কিছুদিন ধৰি কমৰুল ইছলামৰ ঘৰলৈ অহাযোৱা কৰিছিল। তেনে সময়তে যুৱতী গৰাকী এজন যুৱকৰ স'তে পলাই যোৱাত ছকত আলীয়ে কমৰুলক সন্দেহ কৰে। আৰু কমৰুলে তেওঁৰ কন্যাক পলুৱাই পঠিওৱাৰ ব্যবস্থা কৰি দিছে বুলিও তেওঁ কমৰুলক ভাবুকিও প্ৰদান কৰিছিল। আনহাতে এই ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত চিকিৎসালয়খনত কৰিমগঞ্জৰ উপ আৰক্ষী অধিক্ষক উপস্থিত হয় ঘটনাৰ সঠিক তদন্ত হ'ব বুলি মৃতকৰ পৰিয়ালক আশ্বস্ত কৰে ।