কৰিমগঞ্জ, 2 অক্টোবৰ: কৰিমগঞ্জ জিলাৰ নিলামবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত নিলামবাজাৰত চাঞ্চল্যকৰ ঘটনা ৷ নিলামবজাৰৰ ৰাজপথত উদ্ধাৰ নিলামবজাৰ থানাত কৰ্মৰত চুফিয়ান আহমেদ নামৰ এগৰাকী গৃহৰক্ষী জোৱানৰ মৃতদেহ ৷ এই ঘটনা পোৰহলৈ অহাৰ পাছতেই এতিয়া সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য ৷ ইতিমধ্য ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ লগতে চক্ৰ বিষয়াৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰিছে নিলামবজাৰ আৰক্ষীয়ে ৷
নিলামবজাৰৰ ৰাজপথত গৃহৰক্ষী জোৱানৰ ৰক্তাক্ত মৃতদেহ - Dead body of a Home guard found at Nilambazar
বৃহস্পতিবাৰে নিশা গা বেয়া হোৱাৰ বাবে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল চুফিয়ান আহমেদ নামৰ গৃহৰক্ষীৰ জোৱান জনক ৷ কিন্তু শুকুৰবাৰে পুৱা তেজেৰে তুমুৰুলি অৱস্থাত ৰাজপথত উদ্ধাৰ হয় জোৱান জনৰ মৃতদেহ ৷
![নিলামবজাৰৰ ৰাজপথত গৃহৰক্ষী জোৱানৰ ৰক্তাক্ত মৃতদেহ Dead body of a Home guard found at Nilambazar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9020031-thumbnail-3x2-p1.jpg)
নিলামবজাৰৰ ৰাজপথত গৃহৰক্ষী জোৱানৰ ৰক্তাক্ত মৃতদেহ
উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা গা বেয়া হোৱাৰ বাবে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল চুফিয়ান আহমেদক ৷ কিন্তু শুকুৰবাৰে পুৱা তেজেৰে তুমুৰুলি অৱস্থাত ৰাজপথত উদ্ধাৰ হয় জোৱানজনৰ মৃতদেহ ৷ এই বিষয়টোৱে অধিক ৰহস্যঘন কৰিছে ঘটনাটো ৷ ঘটনাৰ কাৰণ বিচাৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়কঃ আমগুৰি সমষ্টিৰ প্ৰাৰ্থীত্ব সন্দৰ্ভত সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ প্ৰতিক্ৰিয়া