কৰিমগঞ্জ, 18 ফেব্ৰুৱাৰীঃঅসম-ত্ৰিপুৰা সীমান্তৰ ত্ৰিপুৰাৰ কদমতলা আৰক্ষী থানাৰ অন্তৰ্গত লালছড়া বজাৰত মঙলবাৰে পুৱা উদ্ধাৰ হয় এটা মৃতদেহ ৷ ইছাই ছড়া নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । এটা নলাত পুৱাৰ ভাগত গেলি-পচি যোৱা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ কামত নিয়োজিত শ্ৰমিক সকলে প্ৰথমে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷
অসম-ত্ৰিপুৰা সীমান্তত মৃতদেহ উদ্ধাৰ - লালছড়া বজাৰত উদ্ধাৰ এটা অচিনাকী মৃতদেহ
মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য অসম-ত্ৰিপুৰা সীমান্তত ৷ ত্ৰিপুৰাৰ কদমতলা আৰক্ষী থানাৰ অন্তৰ্গত লালছড়া বজাৰত উদ্ধাৰ এজন লোকৰ মৃতদেহ ৷

অসম-ত্ৰিপুৰা সীমান্তত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসম-ত্ৰিপুৰা সীমান্তত মৃতদেহ উদ্ধাৰ
তাৰ পাচতেই খবৰ দিয়া হয় কদমতলা আৰক্ষী থানাত। ইতিমধ্যে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে যদিও এতিয়াও মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই । কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰি কিছুদিন পূৰ্বে নলাত পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ ৷