কৰিমগঞ্জ, 2 চেপ্টেম্বৰ :কৰিমগঞ্জ জিলাৰ কালিগঞ্জ অঞ্চলত দেওবাৰে সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা ৷ এগৰাকী পিতৃৰ বিৰুদ্ধে উত্থাপিত হৈছে নিজৰ ন‘ মহীয়া কন্যা সন্তানৰ হত্যাৰ অভিযোগ ৷ কন্যা সন্তান হৈ জন্ম লোৱাই যেন পাপ আছিল এটি কন্যা শিশুৰ ৷ পুত্ৰ সন্তানৰ আশাত এহাল দম্পত্তিয়ে জন্ম দিছিল চাৰিগৰাকীকৈ কন্যা সন্তান ৷ কিন্তু চতুৰ্থটি কন্যা সন্তান জন্মৰ পাছতে নিজৰ পত্নীৰ ওপৰত শাৰিৰীক, মানসিক অত্যাচাৰ চলাই আহিছিল ওচমান আলি নামৰ লোকজনে ৷ কিন্তু দেওবাৰে সকলো সীমা চেৰাই গৈ লোকজনে নিজৰ কনমানি কন্য়া সন্তানক হত্য়া কৰি কবৰস্থ কৰা বুলি মহিলাগৰাকীৰ পিতৃপৰিয়ালে অভিযোগ উত্থাপন কৰি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷
আৰক্ষীয়ে কবৰৰ পৰা খান্দি উলিয়ালে মৃতদেহ - আদালতৰ নিৰ্দেশ
দেওবাৰে সকলো সীমা চেৰাই গৈ লোকজনে নিজৰ কনমানি কন্য়া সন্তানক হত্য়া কৰি কবৰস্থ কৰা বুলি মহিলাগৰাকীৰ পিতৃপৰিয়ালে অভিযোগ উত্থাপন কৰি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷
মৰোণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে কবৰৰ পৰা খান্দি উলিয়ালে মৃতদেহ
উক্ত গোচৰৰ ভিত্তিত আদালতৰ নিৰ্দেশত আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত কণমানিটিৰ মৃতদেহ কবৰৰ পৰা উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ইতিমধ্যে আৰক্ষী সমগ্ৰ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ আনহাতে পলাতক অৱস্থাত আছে অভিযুক্ত ওচমান আলী ৷
লগতে পঢ়ক: চীনে এলএচিত দ্বি-পাক্ষিক চুক্তি,প্ৰ’টকল ভংগ কৰিছে: ভাৰতৰ প্ৰত্যুত্তৰ