অসম

assam

ETV Bharat / state

সমাধানৰ পথত ভাৰত-বাংলা সীমান্তৰ কাঁইটীয়া তাঁৰৰ সমস্যা - নিৰাপত্তাৰক্ষী

বিগত 15 বছৰে সম্পূৰ্ণ নোহোৱা ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ সমস্যা বৰ্তমান সমাধানৰ পথত ৷ সীমান্ত সুৰক্ষা বাহিনী আৰু জিলা উপায়ুক্তই উক্ত স্থানত উপস্থিত হৈ সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছে ৷

DC Visit Karimganja Indo-Bangla border
15 বছৰৰ অন্তত সমাধানৰ পথত কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তৰ কাঁইটীয়া তাঁৰৰ সমস্যা

By

Published : Sep 2, 2020, 7:02 PM IST

কৰিমগঞ্জ, 2 ছেপ্তেম্বৰ : 15 বছৰে সম্পূৰ্ণ নোহোৱা কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ সমস্যা বৰ্তমান সমাধানৰ পথত ৷ বুধবাৰে জিলাখনৰ উপায়ুক্ত আৰু সীমান্ত সুৰক্ষা বাহিনীৰ কামাণ্ডেণ্টে পৰিস্থিতিৰ বুজ ল'বলৈ উক্ত অঞ্চলত উপস্থিত হয় ৷ লগতে, সীমান্তৰ সমস্যাৰ স্থায়ী সমাধানৰ আশ্বাস প্ৰদান কৰে ।

15 বছৰৰ অন্তত সমাধানৰ পথত কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তৰ কাঁইটীয়া তাঁৰৰ সমস্যা

তথ্য অনুসৰি, ভাৰত-বাংলাদেশ সীমান্তৰ কুশিয়াৰা নৈৰ পাৰৰ প্ৰায় চাৰি কিল'মিটাৰ কাঁইটীয়া তাঁৰৰ কাম 2005 চনত আৰম্ভ কৰা হৈছিল কিন্তু 2009 চনত সীমান্তৰ কাম স্থানীয় ৰাইজ আৰু তেতিয়াৰ বিৰোধী দল সমূহৰ নেতাৰ প্ৰতিবাদত বন্ধ হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰবাবে, উন্মুক্ত ঠাই সমূহত সীমান্ত সুৰক্ষা বাহিনীয়ে নিৰাপত্তা প্ৰদান কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি জানিব পৰা গৈছে । কিয়নো উক্ত স্থানত নিৰাপত্তাৰক্ষীৰ বাবে নাই কোনো ধৰণৰ ব্যৱস্থা ।

15 বছৰৰ অন্তত সমাধানৰ পথত কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তৰ কাঁইটীয়া তাঁৰৰ সমস্যা

উল্লেখ্য যে, উক্ত স্থানত বৰ্তমান ৰাইজে ঘৰ-দুৱাৰ সাজি বসবাস কৰি আছিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : চীনক পৰাভূত কৰা ভাৰতৰ বিশেষ সীমান্ত বল (ছদ্মনাম বিকাশ)ৰ বিষয়ে....

ABOUT THE AUTHOR

...view details