অসম

assam

ETV Bharat / state

প্ৰাপ্য বিচাৰি প্ৰতিবাদত বহিল বিক্ৰীকৰ বিভাগৰ কৰ্মচাৰী - data entry operator protest against assam govt in Assam Tripura border

প্ৰতিবাদত উত্তাল হ’ল অসম-ত্ৰিপুৰা সীমান্ত ৷ চাকৰি নিয়মীয়াকৰণৰ দাবীত বিক্ৰীকৰ বিভাগৰ ডাটা এণ্ট্ৰি অপাৰেটৰসকলে প্ৰাপ্য বিচাৰি বৃহস্পতিবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷

data entry operator protest against assam govt
প্ৰাপ্য বিচাৰি প্ৰতিবাদত বহিল বিক্ৰীকৰ বিভাগৰ কৰ্মচাৰী সকল

By

Published : Aug 7, 2021, 11:27 AM IST

কৰিমগঞ্জ, 7 আগষ্ট :ৰাজ্যত অব্যাহত আছে প্ৰতিবাদৰ ঢৌ ৷ এইবাৰ প্ৰতিবাদত উত্তাল হ’ল অসম-ত্ৰিপুৰা সীমান্ত ৷ প্ৰাপ্য বিচাৰি প্ৰতিবাদত বহিল বিক্ৰীকৰ পৰীক্ষণ চকীৰ অস্থায়ী কৰ্মচাৰীসকল ৷ বৃহস্পতিবাৰে চুৰাইবাৰী আৰু দিঘৰখাল গেটৰ যৌথ উদ্যোগত বিক্ৰীকৰ পৰীক্ষণ চকীৰ অস্থায়ী কৰ্মচাৰীসকলে স্থায়ী কৰ্ম সংস্থাপনৰ দাবীত ৰূপায়ণ কৰে এক ধৰ্ণা কাৰ্যসূচীৰ ৷

কিয়নো প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ লোৱাৰ পাচতে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিল বিক্ৰীকৰ বিভাগৰ স্থায়ী কাৰ্যালয় ৷ যাৰ ফলত কৰ্তন হৈছিল বহুলোকৰ চাকৰি তথা কৰ্ম সংস্থাপন ৷ বিপাঙত পৰিছে এতিয়া শতাধিক বিক্ৰীকৰ বিভাগৰ অস্থায়ী কৰ্মচাৰীসকল ৷ চাকৰি কৰ্তনৰ পাচত পৰিয়াল পোহপাল দিয়াত অসমৰ্থ হৈ পৰিছে এতিয়া বিক্ৰীকৰ বিভাগৰ অস্থায়ী কৰ্মচাৰীসকল ৷

প্ৰাপ্য বিচাৰি প্ৰতিবাদত বহিল বিক্ৰীকৰ বিভাগৰ কৰ্মচাৰী

হঠাৎ বন্ধ হৈ যোৱা বিক্ৰীকৰ বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলে উপযুক্ত কৰ্ম সংস্থাপনৰ দাবীত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ বৰ্তমান বিক্ৰীকৰ বিভাগৰ সম্পূৰ্ণ কাম-কাজ চোৱাচিতা কৰে জিএছটি(GST) বিভাগে ৷ পূৰ্বৰ বিক্ৰীকৰ বিভাগৰ সকলো কাম-কাজ GST বিভাগক অৰ্পণ কৰা ক্ষোভিত হৈ পৰিছে এতিয়া বিক্ৰীকৰ বিভাগৰ অস্থায়ী কৰ্মচাৰীসকল ৷ এইক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাই প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক:বিলাসীপাৰাত বৃহত্‍ পৰিমাণৰ বিলাতী সুৰা-চুলাই মদ জব্দ

ABOUT THE AUTHOR

...view details