কৰিমগঞ্জ , 13 ডিচেম্বৰ :কৰিমগঞ্জৰ সোণাখিৰাত সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনা । দুঘটনাত থিতাতে নিহত হয় দুটি শিশু সহ দুগৰাকী মহিলাৰ । এখন অটো ৰিক্সা আৰু বলেৰ' পিক আপ'ৰ মাজত মুখামুখি সংঘৰ্ষত ফলত সংঘটিত হৈছে এই দুৰ্ঘটনা । ঘটনাত মৃত্যু হৈছে লিলি হাজাম, ধানি মুৰা, সুলেখা মুৰা আৰু পাঁচমহীয়া এটা শিশুৰ । আনহতে গুৰুত্বৰ ভাৱে আহত হয় অটো ৰিক্সাখনৰ আন ছয় গৰাকী যাত্ৰী । আটাইকেইজন অটোৰিক্সাৰ যাত্ৰীক সংকজনক অৱস্থাত প্ৰেৰণ কৰা হয় কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ । দুৰ্ঘটনাগ্ৰস্ত অটো ৰিক্সাৰ নম্বৰ AS 04 2322 আৰু বলেৰ' পিক আপ'ৰ নম্বৰ TR. 05 B 1681 ৷ দুৰ্ঘটনাৰ পিছতেই উত্তেজিত ৰাইজে বলেৰ' পিক আপ' গাড়ীত জুই লগাই দিয়াৰ লগতে কেইবাখনো গাড়ী ভাঙি চুৰমাৰ কৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হয় বিএছএফ আৰু চিআৰপিএফ বাহিনী ৷ মৃতদেহ সমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
কৰিমগঞ্জৰ সোণাখিৰাত ভয়াবহ পথ দুৰ্ঘটনা - কৰিমগঞ্জ অসামৰিক চিকিৎসালয়
কৰিমগঞ্জৰ সোণাখিৰাত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয় । এখন অটো ৰিক্সা আৰু বলেৰ' পিক আপ'ৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো । থিতাতে হয় দুটি শিশু সহ দুগৰাকী মহিলা ৷ গুৰুতৰ ভাৱে আহত হয় অটো ৰিক্সাখনৰ আন ছয় গৰাকী যাত্ৰী ।
![কৰিমগঞ্জৰ সোণাখিৰাত ভয়াবহ পথ দুৰ্ঘটনা dangerous accident at karimganj](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5698238-thumbnail-3x2-karimganj---copy.jpg)
কৰিমগঞ্জৰ সোণাখিৰাত ভয়াবহ পথ দুৰ্ঘটনা