অসম

assam

অসম ত্ৰিপুৰা সংযোগী ৬নং ৰাষ্ট্ৰীয় ঘাইপথত যোগাযোগ বিচ্ছিন্ন

By

Published : Jul 1, 2022, 9:44 AM IST

Updated : Jul 1, 2022, 10:05 AM IST

অসম ত্ৰিপুৰা সংযোগী ৬নং ৰাষ্ট্ৰীয় ঘাইপথত সংযোগ বিচ্ছিন্ন ৷ নেৰানেপেৰা বৰষুণৰ বাবে হোৱা খহনীয়াত খহি পৰে পথটোৰ মাজৰ অংশ(Damage to vital National Highway-6 cuts off access to Assam Tripura) ৷ ইপিনে বিপদসীমাৰ ওপৰদি বৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা লংঙাই নৈ পানীও ৷

road-link-snapped-due-to-landslides-in-nh-6
অসম ত্ৰিপুৰা ৬নং ৰাষ্ট্ৰীয় ঘাইপথত বিচ্ছিন্ন যোগাযোগ

কৰিমগঞ্জ, 1 জুলাই : নেৰানেপেৰা বৰষুণৰ বাবে খহনীয়াই কালৰূপ ধাৰণ কৰিছে কৰিমগঞ্জত । কৰিমগঞ্জৰ পুয়ামাৰা এলেকাত অসম ত্ৰিপুৰা সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ প্ৰায় 50 মিটাৰ পথ খহি যায় । যাৰবাবে এতিয়া পথটোৰে যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ৷ ৰাষ্ট্ৰীয় ঘাইপথটো খহি যোৱাৰ বাবে এতিয়া কৰিমগঞ্জৰ পৰা কোনো গাড়ী ত্ৰিপুৰালৈ যাব নোৱাৰিব (Damage to vital National Highway-6 cuts off access to Assam Tripura)।

অসম ত্ৰিপুৰা সংযোগী ৬নং ৰাষ্ট্ৰীয় ঘাইপথত যোগাযোগ বিচ্ছিন্ন

6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা লংঙাই নৈৰ পানীও ইতিমধ্যে বিপদ সীমাৰ ওপৰদি বৈছে ৷ ইপিনে আজি কৰিমগঞ্জৰ শনবিলৰ বান পৰিস্থিতি পৰিদৰ্শনৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা অহাৰ কথা (CM Himanta Biswa sarma to visit Karimganj)। তাৰ মাজতে ৰাষ্ট্ৰীয় ঘাইপথটো খহি বন্ধ হৈ পৰাত চিন্তিত হৈ পৰিছে প্ৰশাসনৰ লোক ।

লগতে পঢ়ক :মণিপুৰত ভয়ংকৰ ভূমিস্খলন: ৭ গৰাকী ভাৰতীয় সেনাসহ এগৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু

Last Updated : Jul 1, 2022, 10:05 AM IST

ABOUT THE AUTHOR

...view details