অসম

assam

কৰিমগঞ্জৰ শণবিলত অঘটন: যাত্ৰী সহ বুৰিল নাওঁ

শণবিলৰ কল্যাণপুৰৰ পৰা ফাকুৱা অভিমুখে নাওৰে গৈ থকা অৱস্থাতে এই দুৰ্ঘটনাটো সংঘটিত হৈছে ৷

By

Published : May 26, 2021, 10:08 PM IST

Published : May 26, 2021, 10:08 PM IST

কৰিমগঞ্জত ঘূৰ্ণি বতাহৰ কৱলত পৰি নাও দুৰ্ঘটনা
কৰিমগঞ্জত ঘূৰ্ণি বতাহৰ কৱলত পৰি নাও দুৰ্ঘটনা

কৰিমগঞ্জ, 26 মে’:কৰিমগঞ্জৰ শণবিলত বুধবাৰে এক অঘটন সংঘটিত হৈছে ৷ ঘূৰ্ণী বতাহৰ কৱলত পৰি 5 জনকৈ যাত্ৰী নাৱঁৰ সৈতে বুৰিল বিলত ৷ উল্লেখযোগ্য যে, বুধবাৰে সন্ধিয়াৰ ভাগত সংঘটিত হয় এই ঘটনা ৷ শণবিলৰ কল্যাণপুৰৰ পৰা ফাকুৱা অভিমুখে নাওঁৰে গৈ থকা অৱস্থাতে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷

ইপিনে ঘটনা সংঘটিত হোৱাৰ পিছতে ৩ জন যাত্ৰী কোনো মতে সাঁতুৰি পাৰ হ’বলৈ সক্ষম হয় যদিও আন দুজন পানীত উটি যায় ৷ উল্লেখযোগ্য যে, পানীত উটি যোৱা ব্যক্তি দুজনৰ ভিতৰত এজন শিশুও আছিল ৷ উজ্জ্বলা দাসৰ লগতে তেওঁৰ দহবছৰীয়া নাতি খুচি দাসো পানীত উটি যায় বুলি জানিব পৰা গৈছে ৷

সম্প্ৰতি ঘটনাস্থলিত এছ ডি আৰ এফৰ বাহিনী উপস্থিত হৈ ব্যক্তি দুজনৰ সন্ধানত অভিযান চলাইছে ৷

লগতে পঢ়কঃ24 ঘণ্টাত স্বাস্থ্যৰ অধিক অৱনতি বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ

ABOUT THE AUTHOR

...view details