কৰিমগঞ্জ, 28 ছেপ্তেম্বৰ :কৰিমগঞ্জ জিলাৰ প্ৰায় 60 শতাংশ পানী যোগান আঁচনি দীৰ্ঘ বছৰ ধৰি বন্ধ অৱস্থাত আছে । বন্ধ হৈ থকা আঁচনি সমূহ সুচল কৰি তুলিবলৈ আহৰি নাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ। বন্ধ হৈ থকা আঁচনি সমূহ পুনৰ উজ্জীৱিত কৰিবলৈ বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰাৰ পিচতো বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ৷
উল্লেখ্য যে, বিগত দহ বছৰ ধৰি জিলাখনৰ কলকলিঘাট পানী যোগান আঁচনিবন্ধ অবস্থাত আছে । পাঁচখন গাঁৱৰ একমাত্ৰ ভৰষা কলকলিঘাট পানী যোগান আঁচনিবন্ধ হোৱাৰ ফলত ৰাইজে পুখুৰী,নলা আদিৰ পানী খাই জীৱন অতিবাহিত কৰিবলগীয়া হৈছে । যাৰবাবে পানীৰ পৰা বিভিন্ন ৰোগৰ কৱলত পৰিব লগা হৈছে অঞ্চলটোৰ লোক সকলে ।