ত্ৰিপুৰা, 19 ডিচেম্বৰ:বিদ্যুৎ বিল প্ৰত্যাহাৰৰ দাবীত অসম সহ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে । কেন্দ্ৰীয় চৰকাৰক বিদ্যুৎ বিল বাতিলৰ দাবীৰ লগতে বিদ্যুৎ মাচুল হ্ৰাস কৰা আৰু অতিৰিক্ত বিল প্ৰত্যাহাৰ কৰাৰ দাবীত অসম সহ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত শনিবাৰে চিপিআইএমৰ উদ্যোগত বহুলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
বিদ্যুৎ বিল প্ৰত্যাহাৰৰ দাবীত ত্ৰিপুৰাত প্ৰতিবাদ - চিপিআইএমৰ উদ্যোগত ত্ৰিপুৰাত প্ৰতিবাদী কাৰ্যসূচী
বিদ্যুৎ বিল প্ৰত্যাহাৰৰ দাবীত চিপিআইএমৰ উদ্যোগত ত্ৰিপুৰাত প্ৰতিবাদী কাৰ্যসূচী ৷ বিদ্যুৎ বিল বাতিল, বিদ্যুৎ মাচুল হ্ৰাস আৰু অতিৰিক্ত বিল প্ৰত্যাহাৰৰ দাবী প্ৰতিবাদকাৰীৰ ৷
বিদ্যুৎ বিল প্ৰত্যাহাৰৰ দাবীত ত্ৰিপুৰাত প্ৰতিবাদ
শনিবাৰে ত্ৰিপুৰাৰ উত্তৰ ত্ৰিপুৰা জিলাৰ ধর্মনগৰত অমিতাভ দত্তৰ নেতৃত্বত ধর্মনগৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদকাৰী সকলে বিক্ষোভ প্ৰদৰ্শন কৰে ৷ এই বিক্ষোভ কাৰ্যসূচীত বাগৱাছাঁ সমষ্টিৰ বিধায়িকা তথা প্ৰাক্তন মন্ত্ৰী বিজিতা নাথ, চিপিআই এম ধর্মনগৰ মহকুমা কমিটিৰ সম্পাদক অভিজিত দে' ৰ লগতে দলৰ বহু নেতা কৰ্মী উপস্থিত থাকে ৷
লগতে পঢ়ক:মালিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা
TAGGED:
CPIM PROTEST TRIPURA