অসম

assam

By

Published : Sep 30, 2019, 3:17 PM IST

ETV Bharat / state

কৰিমগঞ্জত গৰু চোৰ চক্ৰৰ মাষ্টাৰমাইণ্ড গ্ৰেপ্তাৰঃ জব্দ 12 টা গৰু

কৰিমগঞ্জ জিলাৰ বাজাৰিছড়া অঞ্চলত সোমবাৰে নিশা আৰক্ষীয়ে ট্ৰাক সহ 12 টা গৰু জব্দ কৰে ৷ আৰক্ষীয়ে গৰু চোৰ চক্ৰটোৰ মাষ্টাৰমাইণ্ড আৰু ট্ৰাক খনৰ মালিকক আটক কৰে ৷

কৰিমগঞ্জত গৰু চোৰ চক্ৰৰ মাষ্টাৰমাইণ্ড গ্ৰেপ্তাৰ

কৰিমগঞ্জ, 30 ছেপ্টেম্বৰঃ কৰিমগঞ্জ জিলাৰ বাজাৰিছড়া অঞ্চলত সোমবাৰে নিশা আৰক্ষীয়ে ট্ৰাক সহ 12 টা গৰু জব্দ কৰে ৷ আৰক্ষীয়ে গৰু চোৰ চক্ৰটোৰ মাষ্টাৰমাইণ্ড আৰু ট্ৰাক খনৰ মালিকক আটক কৰিবলৈ সক্ষম হয় যদিও গৰু চোৰ দলটোৰ তিনিজন সদস্যই পলায়ন কৰিবলৈ সক্ষম হয় ৷

তথ্যনুসৰি বাজাৰিছড়া থানাৰ আৰক্ষী পেট্ৰলিঙত ওলাই যোৱা সময়ত ছলগৈ অঞ্চলত সন্দেহজনক ভাৱে As-10C-2868 নম্বৰৰ ট্ৰাক এখন আৰু চাৰি জন ব্যক্তিক প্ৰত্যক্ষ কৰে ৷ আৰক্ষী অহাৰ উমান পাই সন্দেহজনক লোক কেইজনে ট্ৰাক খন লৈ পলায়ন কৰে ৷ অৱশেষত পাথাৰকান্দি থানা এলাকাৰ মুণ্ডমালাত ট্ৰাক খনৰ যান্ত্ৰীক বিজুতি ঘটাত ট্ৰাকত থকা লোক কেইজনে ট্ৰাক খন এৰি পলায়ন কৰে ৷ উক্ত ট্ৰাক খনত আৰক্ষীয়ে তালাচি অভিযান চলাই 12 টা গৰু জব্দ কৰে ৷ ইয়াৰ মাজতেই ঘটনাস্থলীত এখন অল্টো গাড়ীৰে দুজন লোক উপস্থিত হৈ ট্ৰাক খন তেওঁৰ বুলি কয় । লোকজনৰ লগত আৰু এজন লোক উপস্থিত আছিল ৷ পৰৱৰ্তী সময়ত দুয়োকে আৰক্ষীয়ে আটক কৰি শোধপোচ কৰাত দুয়োৰে নাম ফকৰউদ্দিন আৰু আব্দুল বাছিত বুলি জানিব পাৰে ৷ জানিব পৰা মতে ফকৰ উদ্দিন উক্ত ট্ৰাখখনৰ মালিক আৰু আব্দুল বাছিত গৰু চোৰ চক্ৰটোৰ মাষ্টাৰমাইণ্ড ৷ দুয়ো সম্পৰ্কত মামা ভাগিন ৷

কৰিমগঞ্জত গৰু চোৰ চক্ৰৰ মাষ্টাৰমাইণ্ড গ্ৰেপ্তাৰ

ইপিনে কিছু সময় অতিবাহিত হোৱাৰ পাচত বাজাৰিছড়া অঞ্চলৰ কিছু ঠাইৰ পৰা কেইজন মান লোকে তেঁওলোকৰ গৰু চোৰ হোৱাৰ অভিযোগ লৈ থানাত উপস্থিত হয় ৷ আৰু লোক কেইজনে জব্দ কৃত গৰু কেইটা তেওঁলোকৰ বুলি চিনাক্ত কৰে ৷ সম্প্ৰতি গৰুকেইটা বাজাৰিছড়া থানাতে ৰখা হৈছে ৷ ধৃত লোক দুজনক বৰ্তমানলৈকে আৰক্ষীয়ে শোধাপোছা অব্যাহত ৰাখিছে আৰু বিয়লি তেওঁলোকক আদালতত গতাই দিয়াৰ সম্ভাৱনা আছে ৷

ABOUT THE AUTHOR

...view details