অসম

assam

ETV Bharat / state

কৰিমগঞ্জত গৰু চোৰৰ উপদ্ৰৱ, অভিযোগ ৰাইজৰ - ভাৰত-বাংলাদেশ সীমান্ত

কিছুদিন পূৰ্বে ৰাইজে ব্ৰাহ্মণ শাসন অঞ্চলৰ পৰা ৰাইজে গৰুসহ হাতে লুটে চোৰক আটক কৰি আৰক্ষীক চমজাই দিছিল ৷ যোৱা নিশা উক্ত অঞ্চলত পুনৰ চোৰে 5 টাকৈ গৰু চুৰি কৰি লৈ যাবলৈ চেষ্টা কৰিছিল যদিও গৰুৰ গৰাকীয়ে ইয়াৰ উমান পাই চোৰৰ দলটোক ধৰিবলৈ চেষ্টা কৰে যদিও চোৰৰ দলটোৱে উক্ত স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷

cow-theft-at-karimganj
কৰিমগঞ্জত গৰু চোৰৰ উপদ্ৰৱ

By

Published : Aug 31, 2020, 1:11 PM IST

কৰিমগঞ্জ, 31 আগষ্ট: কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত বাংলাদেশী গৰু চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱাৰ অভিযোগ ৷ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি দীৰ্ঘদিন ধৰি বাংলাদেশী চোৰৰ দলে স্থানীয় একাংশ চোৰৰ সহযোগত কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী গাঁও সমূহৰ পৰা গৰু-মহ আদি চুৰি কৰি বাংলাদেশলৈ লৈ যোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ৷ গৰু চোৰৰ উপদ্ৰৱৰ ফলত এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে আন্তৰ্জাতিক সীমান্তৰ পাৰ্শ্বৱৰ্তী গাঁৱসমূহৰ ৰাইজে ৷ গাওঁ সমূহৰ পৰা চোৰে গৰু মহ চুৰি কৰা কোনো নতুন কথা নহয় যদিও, বিগত দুমাহ ধৰি চোৰৰ উপদ্ৰৱ অধিক বৃদ্ধি পাইছে তথা জিলাখনৰ আৰক্ষী অধীক্ষকক এই সন্দৰ্ভত লিখিত অভিযোগ প্ৰদান কৰাৰ পাচতো, আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ বিজেপিৰ জ্যেষ্ঠ নেতা মিশন ৰঞ্জন দাসে ৷

কৰিমগঞ্জত গৰু চোৰৰ উপদ্ৰৱ

উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰাইজে ব্ৰাহ্মণ শাসন অঞ্চলৰ পৰা ৰাইজে গৰুসহ হাতে লুটে চোৰক আটক কৰি আৰক্ষীক চমজাই দিছিল ৷ দেওবাৰে নিশা উক্ত অঞ্চলত পুনৰ চোৰে 5 টাকৈ গৰু চুৰি কৰি লৈ যাবলৈ চেষ্টা কৰিছিল যদিও, গৰুৰ গৰাকীয়ে ইয়াৰ উমান পাই চোৰৰ দলটোক ধৰিবলৈ চেষ্টা কৰে ৷ কিন্তু চোৰৰ দলটোৱে উক্ত স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক :মুখ চম্ভালিব নোৱাৰি ইউপিপিএলৰ পৰা খেদা খালে পৃথ্বী নাৰায়ণ দেৱ মেচে

ABOUT THE AUTHOR

...view details