অসম

assam

ETV Bharat / state

উচ্চতম ন্যায়ালৰ নিৰ্দেশক অৱমাননা কৰি ভাৰত-বাংলা সীমান্তত অবাধে চলিছে গৰুৰ বজাৰ

ন্যায়ালয়ৰ নিৰ্দেশক অমান্য কৰি কৰিমগঞ্জত সীমান্তৰ 20 কিলোমিটাৰৰ ভিতৰত বহু কেইটা স্থানত অবাধে চলিছে গৰুৰ বজাৰ ৷ ৰাইজৰ অভিযোগ অনুসৰি একাংশ আৰক্ষীৰো সহযোগ আছে এই সকল ব্যৱসায়ীৰ সৈতে ৷

উচ্চতম ন্যায়ালৰ নিৰ্দেশক অৱমাননা কৰি অবাধে চলিছে গৰুৰ বজাৰ

By

Published : Aug 10, 2019, 4:35 PM IST

কৰিমগঞ্জ, আগষ্ট 10 : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশেও লৰাব নোৱাৰা ভাৰত-বাংলা সীমান্তৰ একাংশ গৰুৰ বজাৰ ৷ ন্যায়ালয়ৰ নিৰ্দেশক অমান্য কৰি কৰিমগঞ্জত সীমান্তৰ 20 কিলোমিটাৰৰ ভিতৰত বহু কেইটা স্থানত অবাধে চলিছে গৰুৰ বজাৰ ৷ ৰাইজৰ অভিযোগ অনুসৰি একাংশ আৰক্ষীৰো সহযোগ আছে এই ব্যৱসায়ীসকলৰ সৈতে ৷ উল্লেখ্য যে, কৰিমগঞ্জ সদৰ থানাৰ অধীনৰ কালিগঞ্জত থকা সীমান্তৰ পৰা মাত্ৰ 8 কিলোমিটাৰ দুৰত্বত আছে আটাইটকৈ ডাঙৰ গৰুৰ বজাৰখন ।

উচ্চতম ন্যায়ালৰ নিৰ্দেশক অৱমাননা কৰি অবাধে চলিছে গৰুৰ বজাৰ

এই সমূহ বজাৰৰ পৰা গৰু ক্ৰয় কৰি কৰিমগঞ্জ চহৰৰ মাজেৰে সৰবৰাহ কৰাৰ সময়তে বজৰং দলৰ সদস্যৰ সহযোগত ৰাইজে আটক কৰে তিনিখনকৈ গাড়ী ৷ কিন্তু আশ্চৰ্যজনকভাৱে ৰাইজে আৱদ্ধ কৰা গাড়ীকেইখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই থানালৈ লৈ যাবলৈ বিচৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ ৰাইজৰ মতে মাজ নিশাও এইদৰে সৰবৰাহ হয় গৰুভৰ্তি বাহন ৷ উল্লেখ্য যে, যোৱা 5 আগষ্টত জিলা পৰিষদৰ কাৰ্যালয়ৰ যোগেদি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক বেনাৰ আৰু মাইকত ঘোষণা কৰি সীমান্তত গৰুৰ বজাৰ বন্ধ কৰাৰ প্ৰয়াস কৰা হৈছিল ৷ কিন্তু তাৰ পাচতো বন্ধ হোৱা নাই এখনো গৰুৰ বজাৰ ৷ কালিগঞ্জ আৰু ফকিৰা বজাৰৰ উপৰিও সীমান্ত অঞ্চলত চলি আছে বহু কেইখন এনে অবৈধ গৰুৰ বজাৰ ৷ ইয়াৰে দুয়োখন বৃহৎ গৰু বজাৰ কৰিমগঞ্জ সদৰ থানাৰ অন্তৰ্গত ৷ কিন্তু ভাৰপ্ৰাপ্ত আৰক্ষী আধীক্ষক উৎপল বৰাই কৌশলেৰে গৰুভৰ্তি বাহন সমূহ ৰাইজৰ পৰা মোকলাই নিব খোজাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ ৷

উল্লেখ্য যে, নিশা বাৰ বজা পৰ্যন্ত কৰিমগঞ্জত এই ঘটনাক লৈ পৰিস্থিতি উত্তপ্ত হৈ থাকে ৷ পৰৱৰ্তী সময়ত অতিৰিক্ত আৰক্ষী অধীক্ষকৰ উপস্থিতিত উত্তেজনা কিছু শাম কাটে ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰা এইসকল গৰু ব্যৱসায়ীৰ ক্ষেত্ৰত প্ৰশাসনে যি ৰহস্যজনক ভূমিকা গ্ৰহণ কৰা ঘটনাই এতিয়া আচৰিত কৰি তুলিছে কৰিমগঞ্জৰ লগতে ৰাজ্যবাসীক ৷

ABOUT THE AUTHOR

...view details