অসম

assam

ETV Bharat / state

কৰিমগঞ্জত কৰ'ণা আক্ৰান্ত হৈ মৃত্যু দুজনৰ

কৰিমগঞ্জ জিলাত কৰ'ণা আক্ৰান্ত হৈ মৃত্যু ঘটে দুজন ব্যক্তিৰ ৷ চামিম আহমেদ কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে যদিও কিৰণ শংকৰৰ মৃত্যু কৰ'ণাৰ বাবে হোৱা নাই বুলি জিলা উপায়ুক্ত আম্বামুথান এম পিয়ে সংবাদমেলৰ যোগে জনায় ।

কৰিমগঞ্জত কৰ'ণা আক্ৰান্ত হৈ মৃত্যু দুজনৰ
কৰিমগঞ্জত কৰ'ণা আক্ৰান্ত হৈ মৃত্যু দুজনৰ

By

Published : Jul 24, 2020, 5:37 AM IST

কৰিমগঞ্জ, 24 জুলাই : কৰিমগঞ্জ জিলাত কৰ'ণা আক্ৰান্ত হৈ মৃত্যু ঘটে দুজন ব্যক্তিৰ ৷ প্ৰথমজন ব্যক্তি চামিম আহমেদ(৪০) আৰু তেওঁৰ ঘৰ বদৰপুৰত বুলি জানিব পৰা গৈছে । দ্বিতীয়জন ব্যক্তি হ'ল ৰামকৃষ্ণ নগৰৰ চামেলা বজাৰৰ কিৰণ শংকৰ দাস (৬৭) ।

উল্লেখ্য যে চামিম আহমেদ কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে যদিও কিৰণ শংকৰৰ মৃত্যু কৰ'ণাৰ বাবে হোৱা নাই বুলি জিলা উপায়ুক্ত আম্বামুথান এম পিয়ে সংবাদমেলৰ যোগে জনায় । দুয়োগৰাকী ক'ভিড-19 আক্রান্ত ব্যক্তিক যথাযথ নীতি মানি সৎকাৰ কৰা হ'ব । কিৰণ শংকৰক কৰিমগঞ্জ চহৰৰ চৰবজাৰত সৎকাৰ কৰা হ'ব । আনহাতে চামিম আহমেদক বদৰপুৰৰ ঘৰৰ কাষত থকা কবৰস্থানত জানাজা সম্পন্ন কৰা হ'ব ।

কৰিমগঞ্জত কৰ'ণা আক্ৰান্ত হৈ মৃত্যু দুজনৰ

ইফালে বৃহস্পতিবাৰে কৰিমগঞ্জত আৰু 9জন নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে ।

লগতে পঢ়কঃশাসকীয় দলে সংবিধানক কটাক্ষ কৰিছেঃ ৰিপুন বৰা

ABOUT THE AUTHOR

...view details